নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত প্রতিফলিত দুর্নীতিমুক্ত অসমৰ ছবি

অসম লোকসেৱাৰ অসামৰিক–সংলগ্ণ সেৱাত উত্তীর্ণৰে মত বিনিময় মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ ২০১৮ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ অসম অসামৰিক আৰু সংলগ্ণ সেৱাৰ প্রার্থীসকলৰ সৈতে মত বিনিময় কৰে৷ ৰাজ্য চৰকাৰৰ কর্মচাৰী বিভাগ তথা প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থকা প্রার্থীসকলক প্রত্যক্ষ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে আজিৰ এই ছবিখন হৈছে মূল্যবোধৰ প্রতিচ্ছবি৷ দীর্ঘদিন ধৰি দুর্নীতিৰ পংকিলতাত নিমজ্জিত অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধনৰ পিছত সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে আয়োজিত এটা পৰীক্ষাত অৱতীর্ণ হৈ সম্পূর্ণৰূপে মেধাৰ ভিত্তিত নির্বাচিত এই প্রার্থীসকলৰ এই প্রতিচ্ছবিয়ে ৰাজ্যৰ প্রান্তে প্রান্তে মূল্যবোধৰ বাণী বিয়পাই দিব৷ কোনো মন্ত্রী–বিধায়কৰ ছুপাৰিশ নোহোৱাকৈ, কোনো বিষয়াক খাতিৰ কৰিব লগা নোহোৱাকৈ সম্পূর্ণৰূপে নিজৰ মেধা আৰু কষ্টৰ বলত প্রশাসনিক সেৱালৈ নির্বাচিত এইসকল বিষয়া পৰৱর্তী প্রজন্মৰ বাবে আদর্শৰূপে পৰিগণিত হ’ব, লোকসেৱাৰ বাবে আগ্রহী হাজাৰগৰাকী যুৱক–যুৱতীক উৎসাহিত কৰিব৷ ভাল কামৰ মৃত্যু নাই বুলি উল্লেখ কৰি তেওঁ নৱনির্বাচিত বিষয়াসকলক সম্পূর্ণৰূপে সেৱাৰ মনোবৃত্তিৰে নিঃস্বার্থভাৱে কাম কৰি জীৱনটো ৰাষ্ট্রসেৱাৰ বাবে সম্পূর্ণ সমর্পিত কৰিবৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে ২০১৬ চনত দুর্নীতিমুক্ত অসমৰ যি মহান লক্ষ্য লৈ বর্তমানৰ চৰকাৰখন শাসনলৈ আহিছিল, সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বিগত চাৰে চাৰি বছৰে অহর্নিশে প্রচেষ্টা অব্যাহত ৰাখিছে৷ এখন সমাজক যেতিয়া দুর্নীতি আৰু স্বজন–প্রীতিয়ে গ্রাস কৰে, তেতিয়া গণতন্ত্রৰ ভেটি চূৰমাৰ হয়৷ প্রশাসন ব্যৱস্থাৰ প্রতি জনগণৰ বিশ্বাস হেৰাই যায়, মূল্যবোধৰ ভেটি থুনুকা হয়৷ মাথোঁ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক ৰঙাঘৰলৈ প্রেৰণ কৰাতেই দুর্নীতিৰ বিৰুদ্ধে যুঁজখনৰ অন্ত নপৰে বুলি মন্তব্য কৰি তেওঁ কয় যে দুর্নীতিমুক্ত অসমৰ অর্থ হ’ল এখন আদর্শ সমাজ নির্মাণ প্রক্রিয়াত আত্মনিয়োগ কৰা, যিখন সমাজে নিজৰ কাম–কাজেৰে বিশ্বৰ মানৱ সমাজৰ শ্রদ্ধা আৰু ভক্তি আদায় কৰিবলৈ সক্ষম হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ শাসনৰ দায়িত্ব লৈয়ে নিজকে ‘প্রধান সেৱক’ হিচাপে পৰিচয় দিয়াৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসামৰিক সেৱালৈ নির্বাচিত এই নতুন বিষয়াসকলেও নিজকে জনতাৰ সেৱক হিচাপে গণ্য কৰি সমর্পিত সেৱাৰ বাবে প্রতি মূহূর্ততে প্রস্তুত থাকিব লাগিব৷

স্বার্থনিহিত সেৱাৰ মনোবৃত্তি পৰিহাৰ কৰি নিঃস্বার্থ সেৱা প্রদানৰ জৰিয়তেহে জনগণৰ কল্যাণ সাধন কৰিব পৰা যাব বুলি উল্লেখ কৰি তাৰ বাবে এটা নিকা মনৰ অধিকাৰী হ’বলৈ তেওঁ নৱনির্বাচিত প্রার্থীসকললৈ আহ্বান জনায়৷ নৱনির্বাচিত প্রার্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্রী সোণোৱালে কয় যে ব্যৱস্থাৰ সংস্কাৰৰ বাবে আপোনালোক আজি এই সেৱাত সংযোজিত হৈছে৷ প্রশাসনৰ প্রতিটো পর্যায়তে ‘নলওঁ আৰু নিদিওঁ’ শব্দযুগলৰ মহা সংযোজন ঘটিলেহে আৰু ব্যৱস্থা আৰু জনতা উভয়ে এই দিশত যৌথ সংকল্প গ্রহণ কৰিলেহে অসম দুর্নীতিমুক্ত হ’ব বুলি উল্লেখ কৰি নৱনির্বাচিত প্রার্থীসকলক নিজৰ কর্মজীৱনৰ কোনো মূহূর্ততে দুর্নীতিক প্রশ্রয় নিদিবলৈ তেওঁ আহ্বান জনায়৷ ‘ভাষণে পৰিৱর্তন নানে, পৰিশ্রমেহে পৰিৱর্তন আনে’ বুলি মন্তব্য কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শৰে অনুপ্রাণিত হৈ কার্যালয়ৰ নির্ধাৰিত কর্মসময়ৰ সীমাবদ্ধতা নাৰাখি প্রয়োজন সাপেক্ষে জনসাধাৰণৰ সেৱাৰ বাবে অতিৰিক্ত সময়ৰ সেৱাৰ বাবে প্রস্তুত হ’বলৈ নৱনির্বাচিত প্রার্থীসকলক মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ অনুষ্ঠানত নৱনির্বাচিত প্রার্থীসকলক উদ্দেশ্যি প্রদান কৰা ভাষণত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি ড০ সর্বপল্লী ৰাধাকৃষ্ণনৰ উদ্ধৃতি দাঙি ধৰি কয় যে প্রত্যেক ব্যক্তিৰ মাজত প্রচ্ছন্নভাৱে দৈৱশক্তি লুকাই থাকে, মাথোঁ আত্ম–সন্মান আৰু আত্মবিশ্বাসৰ মাধ্যমৰে এই শক্তিক কর্মক্ষেত্রত পূর্ণাংগ ৰূপত প্রয়োগ কৰিব লাগিব৷ ‘দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়’ বুলি উল্লেখ কৰি জীৱনৰ প্রত্যাহ্বান আৰু বিফলতাসমূহক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি সফলতালৈ ৰূপান্তৰৰ বাবে আমি সকলো সক্ষম বুলি তেওঁ মন্তব্য কৰে৷ এই প্রসংগত তেওঁ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি আব্রাহাম লিংকন, ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি ড০ এ পি জে আব্দুল কালাম, নোবেল বিজয়ী মেৰি’ কেপেচী, মহাকাশচাৰী কল্পনা চাওলা, ঈৰা সিংঘল, অৰুণিমা সিন্হা আদিৰ উদাহৰণ দাঙি ধৰে৷ অনুষ্ঠানত নৱনির্বাচিত প্রার্থীসকলৰ মাজৰ পৰা ১০ গৰাকী প্রার্থীয়ে নিজৰ অনুভৱ আৰু অভিজ্ঞতা ব্যক্ত কৰি বক্তব্য আগবঢ়ায়৷ কর্মচাৰী বিভাগ তথা প্রশাসনিক সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ প্রধান সচিব নীৰজ বার্মাই আদৰণী ভাষণ প্রদান কৰা আজিৰ অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা আৰু মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰেও নৱনির্বাচিত প্রার্থীসকলক উদ্দেশ্যি প্রেৰণাদায়ক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত বিধায়ক ঋতুপর্ণ বৰুৱা, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, অসম গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্তকে ধৰি প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like