নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষৰ পহিলা জানুৱাৰীত কলাক্ষেত্র–চিৰিয়াখানা-ছায়েন্স মিউজিয়াম–প্লেনেটৰিয়ামত ব্যাপক জনসমাগম

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  নতুন বছৰটোত কুশল–মংগল কামনা কৰি ২০২১ বর্ষৰ পহিলা জানুৱাৰীত মহানগৰীৰ মঠ–মন্দিৰকে ধৰি ধর্মীয় উপাসনাস্থলীসমূহত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে৷ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, উগ্রতাৰা দেৱালয়, শুক্রেশ্বৰ দেৱালয়, ভীমাশংকৰ দেৱালয়, বশিষ্ঠ মন্দিৰ, নৱগ্রহ মন্দিৰ, লংকেশ্বৰ মন্দিৰ, লতাশিল গণেশ মন্দিৰ, গণেশগুৰি গণেশ মন্দিৰ, আঠমাইল গণেশ মন্দিৰকে ধৰি ধর্মীয় উপাসনাস্থলীসমূহত সুখ–শান্তি–সমৃদ্ধিৰ কামনাৰে পূজা–র্চনা আগবঢ়ায়৷

কালি পুৱাৰে পৰা মন্দিৰসমূহত ভক্তসকলে পূজা–র্চনা আগবঢ়াই অস্থিৰ সময়বোৰ নতুন বছৰটোত সুস্থিৰ হওক, সমাজলৈ শান্তিৰ পৰিৱেশ আহক, সমাজৰ অপশক্তি, অসূয়া–শান্তি নাশ হোৱাৰ কামনা কৰে৷ পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই শাৰীপাতি ধর্মীয় উপাসনাস্থলীসমূহত নির্মালি গ্রহণ কৰে৷

ইফালে, নৱবর্ষৰ পহিলা জানুৱাৰীত চিৰিয়াখানা, কলাক্ষেত্র, প্লেনেটৰিয়াম, ছায়েঞ্চ মিউজিয়াম, নেহৰু পার্ক, শ্রদ্ধাঞ্জলি কানন, ৰ’পৱে, সতী ৰাধিকা উদ্যানত দর্শনার্থীসকলে ভিৰ কৰি দিনটো সুন্দৰভাৱে অতিবাহিত কৰে৷ ক’ৰোনাকেন্দ্রিক জটিল পৰিস্থিতিৰ মাজতো নৱবর্ষৰ প্রথমটো দিন আনন্দ–উল্লাসেৰে পাৰ কৰে মহানগৰবাসীয়ে৷

আনহাতে, ক’ভিডৰ ভয়াৱহতাৰ বাবে চিৰিয়াখানাত এহাজাৰ লোকৰ প্রৱেশৰ অনুমতি দিয়া হৈছিল যদিও দর্শনার্থীৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি চিৰিয়াখানা কর্তৃপক্ষই ২,০০০ দর্শনার্থীক আজি দর্শনৰ সুবিধা কৰি দিয়ে৷

You might also like