নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রমাণ পত্র নোহোৱাকৈ জৰুৰীকালীন চিকিৎসা কৰক

হাইক’টত ৰাজহুৱা স্বার্থজড়িত আবেদন

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে জৰুৰীকালীন চিকিৎসাৰ প্রয়োজনীয় ৰোগী যাতে অসুবিধাৰ সন্মুখীন নহয়, সেই সন্দর্ভত নির্দেশনা বিচাৰি উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ ক’ভিড প্রমাণ–পত্র অবিহনে যাতে জৰুৰীকালীন চিকিৎসা প্রদান কৰা হয়, তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিবলৈ প্রার্থনা জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ ৪৮/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে পৰৱর্তী শুনানিৰ দিন অহা ১৯ অক্টোবৰ ধার্য কৰে৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সম্প্রতি দ্রুত সংক্রমণ অব্যাহত থকাৰ বাবে আজি কোনোধৰণৰ নির্দেশনা জাৰি নকৰিলে আদালতে৷ উল্লেখ্য যে বিভিন্ন হাস্পতালত যিকোনো ৰোগীক ভর্তি কৰাৰ পূর্বে ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হৈ পৰিছে৷ ফলত বহু ৰোগীৰ জৰুৰীকালীন চিকিৎসা লাভত বাধাৰ সৃষ্টি হৈছে৷ আনকি একাংশ ৰোগীয়ে দুর্ভাগ্যজনকভাৱে মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ সেয়েহে জৰুৰীকালীন চিকিৎসা প্রয়োজনীয় হোৱা বিশেষকৈ দুর্ঘটনাত পতিত হোৱা ব্যক্তি বা গর্ভৱতী মহিলাৰ ক্ষেত্রত যাতে ক’ভিড প্রমাণ–পত্র নোহোৱাকৈ চিকিৎসা প্রদান কৰা হয়, তাৰ ব্যৱস্থা কৰিবলৈ নির্দেশনাৰে আবেদনখন দাখিল কৰা হৈছে৷ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰি এনেধৰণৰ ৰোগীক প্রথমে চিকিৎসা কৰাৰ পোষকতা কৰা হৈছে ৰাজহুৱা স্বার্থজড়িত আবেদনখনত৷

You might also like