নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক–সামাজিক দূৰত্ব নমনাকৈ ৰাজপথ–বজাৰত জাকে জাকে মানুহ

ক’ৰোনা পৰিস্থিতি জটিল হ’লেও সজাগ নহয় ৰাইজ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  ৰাজ্যত ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড–১৯এ৷ দৈনিক বৃদ্ধি পাইছে আক্রান্তৰ হাৰ৷ সমান্তৰালভাৱে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে তিনি শতাধিক লোক৷ তৎসত্ত্বেও গা লৰা নাই ৰাজ্যবাসীৰ৷ পৰিস্থিতি জটিলতাৰ দিশে গতি কৰিলেও সজাগ–সচেতন হোৱা নাই সর্বসাধাৰণ ৰাইজ৷ ৰাজ্যৰ অর্থনৈতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ব্যৱসায়িক কাম–কাজসমূহৰ লগতে চৰকাৰী–বেচৰকাৰী কার্যালয় খুলি দিয়াৰ পাছত স্বাস্থ্য বিধি অনুসৰণ কৰিবলৈ যেন অকণো আগ্রহী নহয় ৰাজ্যৰ ভিন্ন প্রান্তৰ লোকসকল৷ বাৰম্বাৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰিবলৈ সকলোকে আহ্বান জনাই আহিছে চৰকাৰ–প্রশাসনে৷ আনকি মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ ওলালে ১,০০০ টকা জৰিমনা বিহাৰো ব্যৱস্থা কৰিছে চৰকাৰে৷ ইতিমধ্যে আৰক্ষী–প্রশাসনৰ লোকে বিভিন্ন স্থানত অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক জৰিমনাও বিহিছে৷ তৎসত্ত্বেও মাস্ক পৰিধান কৰাৰ ক্ষেত্রত ৰাজ্যবাসীয়ে পালন কৰিবলগীয়া দায়বদ্ধতা পালন কৰাত ব্যর্থ হৈছে৷ মাস্ক পৰিধান নকৰাকৈয়ে চহৰ–নগৰ, বজাৰ–সমাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে সাধাৰণ ৰাইজে৷ আনকি আন কামত বাহিৰলৈ ওলোৱাৰ সময়তো অধিকাংশই পৰিধান নকৰে মাস্ক৷ ৰাজ্যৰ আন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীতো দেখা গৈছে একেই পৰিস্থিতি৷ সান্ধ্য আইন প্রত্যাহাৰকে ধৰি বিভিন্ন লকডাউনৰ নীতি–নির্দেশনা শিথিল কৰাৰ পাছত মহানগৰীখনলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি৷ দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, শ্বপিং ম’ল, বজাৰ–সমাৰ আদি পূর্বৰ দৰে আৰম্ভ হৈছে৷ দৈনিক বিভিন্ন কামত ঘৰৰ বাহিৰলৈ ওলাইছে মহানগৰবাসী৷ কিন্তু একাংশই ভৰিৰে মোহাৰি পেলাইছে স্বাস্থ্য বিধি৷ মাস্ক পৰিধান নকৰাকৈয়ে ওলোৱা একাংশ মহানগৰবাসীয়ে পাহৰি গৈছে সামাজিক দূৰত্বৰ নিয়ম৷ গাতে গা লগাই বজাৰ–সমাৰত ভিৰ কৰা দেখা গৈছে একাংশ মহানগৰবাসীক৷ সেইদৰে অফিচ–কাছাৰীলৈ ওলাই অহা লোকৰ মুখতো দেখা নাযায় মাস্ক৷ শেহতীয়াকৈ মহানগৰীখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই জৰিমনাও বিহিছে একাংশ লোকক৷ ইপিনে, আন একাংশ লোকে সঠিকভাৱে পৰিধান নকৰে মাস্ক৷ বহুতে নাক, মুখ উলিয়াই মাস্ক পৰিধান কৰাও পৰিলক্ষিত হৈ আহিছে৷ বহুতে আকৌ কেৱল আৰক্ষীৰ তালাচীৰ বাবেই ডিঙিত মাস্কখন আঁৰি ঘৰৰ বাহিৰলৈ ওলাই অহা দেখা যায়৷ উল্লেখ্য যে স্বাস্থ্য বিধিসমূহ কঠোৰভাৱে অনুসৰণ কৰিবলৈ বাৰম্বাৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক আহ্বান জনাই আহিছে৷ ইতিমধ্যে বিভাগীয়ভাৱে কেইবাটাও নির্দেশনাও জাৰি কৰা হৈছে৷ তৎসত্ত্বেও নির্দেশনা পালন কৰিবলৈ ৰাইজৰ মাজত সজাগতাৰ অভাৱ৷ চৰকাৰী নির্দেশনা দিয়া সত্ত্বেও মাস্ক পৰিধান নকৰাকৈ ৰাইজ ঘৰৰ বাহিৰলৈ ওলাই অহা কার্যত ইতিমধ্যে উদ্বিগ্ণতা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়েও৷ এই সন্দর্ভত জাৰি কৰা চৰকাৰী নির্দেশনা সঠিকভাৱে বলৱৎ নোহোৱা কার্যক লৈও উচ্চ ন্যায়ালয়ে উদ্বিগ্ণতা প্রকাশ কৰি আৰক্ষী–প্রশাসনক অধিক কঠোৰ হ’বলৈ নির্দেশ দিছে৷ লক্ষণীয় যে স্বাস্থ্য বিধি অনুসৰণ কৰি সপ্তাহটোৰ সাত দিন আন্তঃজিলা যাতায়াতৰ অনুমতি প্রদান কৰা হৈছে৷ ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত বাছ, শ্বেয়াৰ টেক্সি, অটোৰিক্সাকে ধৰি সকলো সেৱা পূর্বৰ দৰেও চলিবলৈ অনুমতি প্রদান কৰা হৈছে৷ এইক্ষেত্রত স্বাস্থ্য বিধি অনুসৰণ কৰিবলৈ ৰাজ্য চৰকাৰে নির্দেশ দিছে৷ কিন্তু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত নাই চৰকাৰী কোনো নীতি–নির্দেশনাৰ কার্যকৰী ৰূপ৷ বৰঞ্চ একাংশ যাত্রীবাহী বাছ, শ্বেয়াৰ টেক্সি আদিয়ে সামাজিক দূৰত্ব নোহোৱাকৈয়ে কঢ়িয়াইছে যাত্রী৷ একেদৰে এই পৰিবহণ ব্যৱস্থাসমূহত চৰকাৰীভাৱে দিয়া নির্দেশনা অনুসৰি ৰাখিবলগীয়া ছেনিটাইজাৰৰ ব্যৱস্থাও ৰখা দেখা নাযায়৷ ফলত ৰাজহুৱা পৰিবহণ ব্যৱস্থাই ৰাজ্যত ক’ৰোনা সংক্রমণৰ ক্ষেত্রত এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা কঢ়িয়াইছে৷ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ অব্যাহত থকাৰ সময়ত স্বাস্থ্য বিধি অনুসৰণ নকৰা কার্যই অনাগত সময়ত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাত যে গুৰুত্বপূর্ণ ভূমিকা ল’ব, সেয়া একপ্রকাৰ নিশ্চিত৷

You might also like