নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ অনুৰোধ ৰক্ষাঃ থমাছ–উবেৰ কাপ খেলিবলৈ সন্মত সিন্ধু

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মাৰ অনুৰোধ ৰক্ষা কৰি সমাগত থমাছ উবেৰ কাপত খেলিবলৈ সন্মতি প্রকাশ কৰিছে দেশৰ আগশাৰীৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে৷ ড০ শর্মাই দেওবাৰে টুইটাৰত এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে ব্যক্তিগত অসুবিধাৰ বাবে অলিম্পিকত পদক বিজয়ী তাৰকা শ্বাটলাৰগৰাকীয়ে আগন্তুক থমাছ উবেৰ কাপৰ পৰা নাম প্রত্যাহাৰ কৰিছিল৷ কিন্তু বাইৰ সভাপতি ড০ শর্মাই দেশৰ হৈ সিন্ধুক প্রতিযোগিতাখনত অংশ লোৱাৰ আহ্বান জনায়৷ ড০ শর্মাৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই পি ভি সিন্ধুৱে পৰিয়ালৰ এক অনুষ্ঠানৰ দিন পুনৰ নির্ধাৰণ কৰি থমাছ উবেৰ কাপত খেলিবলৈ সন্মতি প্রকাশ কৰিছে৷

উল্লেখ্য যে ডেনমার্কত অহা ৩–১১ অক্টোবৰলৈ চলিত বর্ষৰ থমাছ উবেৰ কাপ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ বিশ্ব চেম্পিয়ন শ্বাটলাৰ সিন্ধুৱে যোৱা মাহত হায়দৰাবাদৰ পুল্লেলা গোপীচান্দ বেডমিণ্টন একাডেমীত অনুশীলন আৰম্ভ কৰিছে৷

You might also like