নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাই সমষ্টিৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ ক’তো‌ নাই পোষ্টাৰ, বেনাৰ, হৰ্ডিং

কোনোবাই শাক-পাচলি লৈ আহিছে, কোনোবাই ফল-মূল আনিছে, কোনোবাই মিঠাই বা ঘৰত তৈয়াৰ কৰা পিঠা পনা আনিছে। এইবোৰ মোক উপহাৰ হিচাপে দিছে, তাতকৈ আৰু মোক কি লাগে

আজি সন্ধ্যা  পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলাই এক প্ৰকাৰ সামৰণি মাৰিব  খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই। প্ৰাৰ্হী জনে  ক’তো এখনো ডাঙৰ সভা অনুষ্ঠিত নকৰিলে, তেওঁ সমষ্টিত কোনো মন্ত্ৰী, বিধায়ক বা মুখ্যমন্ত্ৰীয়ে আহি প্ৰচাৰ চলোৱা নাই।

তেওঁক ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন নহয় নেকি বুলি সোধাত ক’লে – “মই একেবাৰে সাধাৰণ মানুহ, মই সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ, মই কাম কৰি ভাল পাওঁ ভাষণ দি বেয়া পাওঁ, এতিয়া ডাঙৰ ডাঙৰ সভা পাতি ভাষণ দিলে ৰাইজে আমনিহে পায়। মই যদি ভাল কাম কৰিছো ৰাইজে ভাল পাব আৰু যদি বেয়া কাম কৰিছো ৰাইজে বেয়া পাব। গতিকে ভোট কোনে দিব কোনে নিদিয়ে সেইবোৰ মই নাচাওঁ। আজি দিনটো ঘৰতে ৰাইজে আহি শুভেচ্ছা দিছে আশীৰ্বাদ দিছে, মোৰ বাবে সেয়াই যথেষ্ট।”

তাৰোপৰি কোনোবাই শাক-পাচলি লৈ আহিছে, কোনোবাই ফল-মূল আনিছে, কোনোবাই মিঠাই বা ঘৰত তৈয়াৰ কৰা পিঠা পনা আনিছে। এইবোৰ মোক উপহাৰ হিচাপে দিছে, তাতকৈ আৰু মোক কি লাগে। বিধায়ক মৃণাল শইকীয়াৰ মন্তব্য।

ইয়াতকৈও আচৰ্যজনক বিষয়টো হ’ল খুমটাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বেনাৰ, হৰ্ডিং পোষ্টাৰ আদি লগাই জাকজমকতাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু মৃণাল শইকীয়াৰ সমষ্টিটোৰ ক’তো এখনো পোষ্টাৰ, বেনাৰ, হৰ্ডিং দেখি পাবলৈ নাই। সঁচাকৈয়ে ব্যতিক্ৰমী বিধায়ক মৃণাল শইকীয়া।

পুৱা ৭ বজাৰ পৰা পঞ্চায়তে পঞ্চায়তে চাইকেল ৰেলী উলিওৱা হ’ল। প্ৰাৰ্থী মৃণাল শইকীয়াই বেতিয়নী পঞ্চায়তত উলিওৱা চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। সমষ্টিটোত ৰাইজে উলিয়ায় বিশাল চাইকেল ৰেলী।

নিয়মীয়া বাৰ্তা, দেৰগাঁও, ৭ এপ্ৰিল

You might also like