ইস্তানবুলত ইজৰাইলী দূতাবাসত গুলীচালনা দুৰ্বৃত্তৰ
আক্ৰমণকাৰীসকলৰ হাতত দীঘল বেৰেলযুক্ত বন্দুক আছিল। গুলীচালনাৰ সময়ত এজন আৰক্ষী বিষয়াও আঘাতপ্ৰাপ্ত হোৱা বুলি জনোৱা হৈছে
তুৰ্কিৰ ৰাজধানী ইস্তানবুলত ইজৰাইলী বাণিজ্য দূতাবাসৰ অট্টালিকাৰ বাহিৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, এই ঘটনাত দুজন আক্ৰমণকাৰী নিহত হৈছে আৰু এজনক আৰক্ষীয়ে আটক কৰিছে।
প্ৰতিবেদন অনুসৰি, আক্ৰমণকাৰীসকলৰ হাতত দীঘল বেৰেলযুক্ত বন্দুক আছিল। গুলীচালনাৰ সময়ত এজন আৰক্ষী বিষয়াও আঘাতপ্ৰাপ্ত হোৱা বুলি জনোৱা হৈছে। ঘটনাৰ পাছতে দূতাবাসৰ চাৰিওফালে থকা এলেকাটো তাৎক্ষণিকভাৱে সুৰক্ষাৰ বাবে ছীল কৰি দিয়া হয়।
তুৰ্কীৰ আইন মন্ত্ৰীয়ে কয় যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। তেওঁ জনায় যে আক্ৰমণকাৰীসকলৰ পৰিচয় বা তেওঁলোকৰ উদ্দেশ্য সম্পৰ্কে এতিয়াও কোনো স্পষ্ট তথ্য পোৱা হোৱা নাই।
ডিজিটেল ডেস্ক, ৭ এপ্ৰিল