নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিশপ্ত ৯ তাৰিখ !!হোৱাটচ এপৰ টুকুৰাতে মেধাৱী অভিযন্তাৰ মৃত্যুৰ দায় সাৰিবলৈ চেষ্টা কৰিলে নেকি অইলে ?

চকু-মুখ বন্ধ অইল স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক ইউনিয়ন

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ  বাঘজানত এতিয়া ব‍্যক্তিৰ জীৱন সম্পদৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে । নৰবলী যজ্ঞ চলিছে যেন অভিশপ্ত বাঘজান বিজিএন#৫ ত । এজন-দুজনকৈ ৪ গৰাকীৰ ব‍্যক্তিৰ অস্বাভাৱিক মৃত‍্যুৱে কপাঁইছে বাঘজানত দিনে-নিশাই কৰ্মৰত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ অন্তৰ । প্ৰিয় সতীৰ্থ-পৰিয়ালৰ সদস‍্যক জীৱনলৈ হেৰুৱাই তেওঁলোক শোকস্তব্ধ । ইফালে ৯ তাৰিখটো হৈ পৰিছে এক অভিশপ্ত দিন । যোৱা ৯ জুনত দুগৰাকী অইল অগ্নিনিৰ্বাপক কৰ্মচাৰী মৃত্যুৰ পাছত পুনৰ দুমাহৰ পাছতেই অৰ্থাৎ ৯ ছেপ্তেম্বৰত প্ৰাণ গ’ল অইল অভিযন্তাৰ । এনেসময়তে যি দেশ আৰু অসমবাসীৰ সেৱাত উৎসৰ্গিত বুলি প্ৰতিশ্ৰুতিবদ্ধ অইল ইণ্ডিয়া লিমিটেডৰ বৰঘৰত সৰিছে ঘঁৰিয়ালৰ চকুপানী । আনহাতে সৰৱ চৰ্চিত যে অইলৰ বৰমূৰীয়াসকলক সন্তুষ্ট কৰি ৰাখিবলৈ চকু-মুখ বন্ধ ৰাখিছে অইলৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক ইউনিয়নৰ সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাছ ইউনিয়ন আৰু এক্সিকিউটিভ এছ’ছিয়েচনে । সাংবাদিকে উদযাচি প্ৰশ্ন নকৰিলে শ্ৰমিকৰ সুৰক্ষা-নিৰাপত্তাক লৈ শ্ৰমিক ইউনিয়নখনৰ ক’তো এটা শব্দ সৰি নপৰাটো ইউনিয়নখনৰ অন‍্যতম যেন এটা বৈশিষ্ট্য । শেহতীয়াকৈ মেধাৱী অভিযন্তাগৰাকীৰ মৃত্যুৰ বহু পলমকৈ অইল ইণ্ডিয়াৰ লিমিটেডৰ দৰে দেশৰ এক নৱৰত্ন কোম্পানীয়ে আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিৰ পৰিৱৰ্তে সাংবাদিকৰ হোৱাটচপত ৮ বাজি ৪২ মিনিটত এটা সৰু টোকা যোগে অইল অভিযন্তাগৰাকীৰ মৃত্যুৰ খৱৰ লৰালৰিকৈ প্ৰেৰণ কৰি নিজৰ দায়িত্ব সামৰাটোৱে প্ৰকৃততে সেই ঘটনাত অইল ইণ্ডিয়া কিমান দায়বদ্ধ ওলাই পৰিছে । ৰাজহুৱা খণ্ডৰ উদ‍্যোগটোৰ এটা বিয়াগোম জনপৰিক্ৰমা বিভাগত হাজাৰ-লক্ষাধিক দৰমহা লৈ বিষয়া-কৰ্মচাৰীয়ে গিজগিজাই থকাৰ পাছতো তেওঁলোকৰ কোনো এজনৰে আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি লিখাৰ সময় আৰু দায়িত্বজ্ঞান নহ’ল নেকি ? আনহাতে বাঘজান বিজিএন#৫ ত কৰ্মৰত অৱস্হাত অভিযন্তাগৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰা মূহুৰ্তে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সাংবাদিকে বাঘজানত কৰ্মৰত একাংশ অইল বিষয়া-কৰ্মচাৰীৰ যোগেদি বিদ‍্যুৎস্পৃষ্ট হৈ অভিযন্তাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰাৰ পাছতো অইল ইণ্ডিয়াই কিন্তু “”বাঘজান কূপ ক্ষেত্ৰত সৰঞ্জামৰ সৈতে কাম কৰি থকা অৱস্হাত অইলৰ এজন যুৱ বৈদ‍্যুতিক অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ হঠাৎ ঢলি পৰে আৰু অচেতন হৈ পৰে । পাছত চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰা লগতে মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃত্যুৰ কাৰণ জানিব পৰা হ’ব”” বুলি উল্লেখ কৰিয়েই মূল ইছ‍্যুৰ পৰা কৌশলেৰে আঁতৰি থকা পৰিলক্ষিত হৈছে । এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে কোনো কৰ্মচাৰী-বিষয়াৰ মৃত্যুৰ পাছত তেওঁলোকৰ গৃহত দলে-বলে গৈ সান্তনা বাণী শুনোৱাই নিজা কৰ্মৰ প্ৰাপ্য ধনৰাশি (Social security) মাত্ৰ ৩০ লাখ টকা আগবঢ়োৱাটোৱে অইল ইণ্ডিয়াৰ দায়িত্ব শেষ নেকি ? যোৰহাটৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অতি মেধাৱী ছাত্র অৰ্ণৱ কিশোৰে বহুজাতিক কোম্পানীৰ লোভনীয় চাকৰি প্ৰতি গুৰুত্ব নিদি অসমত জন্ম লোৱা অইল ইণ্ডিয়া,অসমৰ পঞ্জীয়নকৃত আৰু ক্ষেত্ৰ মুখ্য কাৰ্য‍্যালয় থকা একমাত্ৰ নৱৰত্ন কোম্পানীটোৰ সৈতে জড়িত হৈ নিজৰ কৰ্মসংস্কৃতিৰ অৱদান আগবঢ়াই মাত্ৰ দুটাবছৰৰ ভিতৰত নিজৰ জীৱনটোকে উৎসৰ্গা কৰিলে । এইগৰাকী অইল ইণ্ডিয়াৰ ইলেক্টিকেল বিভাগৰ জ‍্যোষ্ঠ অভিযন্তাৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি বুলি অইলে সদৰী কৰিব ? ইফালে ব্ল’আউট খাদত কাম কৰাৰ অভিজ্ঞতা নোহোৱা একাংশ বিষয়া-কৰ্মচাৰীয়ে অইলৰ বিভাগীয় মুৰব্বীৰ হেচাঁত কাম কৰিবলৈ বাধ‍্য হোৱাটোৱে অইলৰ এগৰাকী শীৰ্ষ বিষয়াৰ ই-মেইলৰ যোগেদি উন্মোচিত হৈছে । অৱশ্যে ই-মেইলটোত ভলন্টীয়াৰ হৈ কাম কৰাৰ আহ্বান জনালেও ব‍্যক্তিগতভাৱে অৰ্থাৎ মৌখিকভাৱে ব্ল’-আউট খাদটোত কাম কৰিবলৈ অনভিজ্ঞ বিষয়া-কৰ্মচাৰীক শীৰ্ষমহলে একপ্ৰকাৰ হেচাঁ প্ৰয়োগ কৰা বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপিত । ইফালে কালি অভিযন্তাগৰাকীৰ মৃত্যুৰ সমগ্ৰ ঘটনাৱলী তদাৰক কৰিবলৈ ঘটনাস্হলীত ডাইৰেক্টৰেট জেনেৰল অৱ মাইনচ চেফটি অৰ্থাৎ ডিজিএমএছৰ এক বিভাগীয় দল অচিৰেই উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । উল্লেখনীয় যে ৪৫ দিনত আমেৰিকাৰ কোম্পানী বুটচ এণ্ড কুটচে নিৰাময় কৰা ২০০৫ চনৰ অইলৰ ডিকম তেলখাদৰ ভয়াবহ ব্ল’-আউটৰ ঘটনাস্হলীত অ’এনজিচিৰ চিএমডি উপস্হিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰা নজিৰ নাই । তেনেস্হলত এতিয়া কাৰ নিৰ্দেশত আৰু কিয় অইলৰ বাঘজানৰ প্ৰকৃত পৰিস্হিতি আৰু অপাৰেচনৰ কাৰ্যকলাপ পৰ্য‍্যবেক্ষণৰ উদ্দেশ‍্যে অ’এনজিচিৰ চিএমডি আৰু পেট্ৰ’লিয়াম আৰু গেছ মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকী বাঘজানত উপস্হিত হ’ব সেই বিষয়ে অইলে কোনো তথ্য ৰাজহুৱা কৰা নাই এতিয়াও । আনহাতে বাঘজানৰ ব্ল’-আউটৰ আৰম্ভণিৰ পৰাই প্ৰতিটো সৰু-বৰ অপাৰেচনৰ খৱৰ যোগান ধৰি অহা অইলে যোৱা ২১ আগষ্টতে আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি কি কাৰণত সামৰণি মাৰিলে, সেয়াও ৰহস‍্যজনক । অইল ইণ্ডিয়া যে এটা ৰাজহুৱা খণ্ডৰ উদ‍্যোগ ব‍্যক্তিগত খণ্ডৰ নহয় সেই কথা পাহৰি শেহতীয়াকৈ ব্ল’-আউট খাদৰ গেছ প্ৰডাকচনৰ সিদ্ধান্তৰ বিষয়ে সংবাদমাধ‍্যমৰ যোগে ৰাইজক অৱগত কৰিবলৈ ইচ্ছা নাৰাখিলে। শেহতীয়াকৈ অইলৰ পৰা কোনো তথ‍্যই সৰকি নপৰাত সংবাদমাধ‍্যমে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত যোগান ধৰা খৱৰৰ পাছতেই অইলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰিছে । সকলোৱে এতিয়া জানিবলৈ ইচ্ছুক প্ৰকৃতপক্ষে অইল ইণ্ডিয়া লিমিটেডে বাঘজান ক্ষেত্ৰত কি কৰি আছে ? পূৰ্বৰ দৰে প্ৰতিটো কামৰ খৱৰ ৰাজহুৱা কৰাৰ পৰা কিয় পিছহুঁহুকিল ?

You might also like