নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰ ন্যাসৰ বেংক একাউণ্টত জালিয়াতি; গোচৰ ৰুজু

সৰকালে বৃহৎ পৰিমাণৰ ধন,

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসৰ বেংক একাউণ্টৰ পৰা জালিয়াতি কৰি বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তীর্থক্ষেত্র ন্যাসৰ সূত্রৰ আধাৰত প্রকাশিত বাতৰি মতে তীর্থক্ষেত্র ন্যাসৰ বেংক একাউণ্টৰ পৰা ভুৱা চেকেৰে প্রৱঞ্চকে দুবাৰ বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়ে৷

তৃতীয়বাৰৰ বাবে এই ধন একাউণ্টৰ পৰা উলিয়াবলৈ বিচাৰোতে তীর্থক্ষেত্র ন্যাসৰ দৃষ্টিত পৰে৷ এই সন্দর্ভত তীর্থক্ষেত্র ন্যাসৰ সাধাৰণ সম্পাদক চম্পদ ৰায়ে অযোধ্যা থানাত এই জালিয়াতি কৰি ধন উলিয়াই নিয়া অজ্ঞাত প্রৱঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

You might also like