নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ কোনো ঐক্য নাই- বোকাখাতত অতুল বৰাৰ তীব্ৰ মন্তব্য

এনডিএ মিত্ৰজোঁটে এইবাৰৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি অতুল বৰাই কয় যে এইবাৰ তেওঁ আগতকৈ অধিক ভোট লাভ কৰিব

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বোকাখাত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে এনডিএ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাই।

সমষ্টিটোৰ প্ৰায় ১০খন গাঁও পঞ্চায়তত প্ৰচাৰ অভিযান চলাই তেওঁ বিৰোধীৰ ওপৰত তীব্ৰ সমালোচনা কৰে। অতুল বৰাই কয়, “নিৰ্বাচনত বিৰোধী নাথাকিলে খেলাৰ দৰে মজা নাথাকে, কিন্তু এতিয়া বিৰোধীৰ কোনো ঐক্যই নাই। কংগ্ৰেছৰ নিজৰ মাজতেই ঐক্য নাই।”

তেওঁ আৰু কয় যে বিৰোধী ঐক্যৰ কথা ক’বলৈ কোনো ভিত্তি নাই।

কংগ্ৰেছৰ শাসনকালৰ সৈতে বৰ্তমানৰ উন্নয়নৰ তুলনা কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়, “স্বাধীনতাৰ পিছত কংগ্ৰেছে দীঘলীয়া সময় শাসন কৰিলে। কিন্তু আজিৰ উন্নয়ন দেখি ৰাইজে নিজেই সিদ্ধান্ত ল’ব কাক ভোট দিব।”

এনডিএ মিত্ৰজোঁটে এইবাৰৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি অতুল বৰাই কয় যে এইবাৰ তেওঁ আগতকৈ অধিক ভোট লাভ কৰিব।

তেওঁৰ এই মন্তব্যই বোকাখাতত নিৰ্বাচনী ৰাজনীতি অধিক উত্তপ্ত কৰি তুলিছে।

ডিজিটেল ডেস্ক, ১ এপ্ৰিল

You might also like