নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচনত ৯০ৰো অধিক আসন লাভ কৰিব NDA-ই

টংলাৰ মিলনপুৰত মুখ্যমন্ত্ৰীৰ সভাত লোকে-লোকাৰণ্য হৈ জন সমুদ্ৰত পৰিণত । অসমলৈ অহা ঝাৰখণ্ড মুক্তি মৰ্চালৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ। ঝাৰখণ্ড মুক্তি মৰ্চাই অসমলৈ অহাৰ পূৰ্বে নিজৰ নাম সলাই অসম মুক্তি মৰ্চা কৰক। বিজয় সংকল্প যাত্ৰা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

অসমত নিৰ্বাচন খেলাৰ পূৰ্বে ঝাৰখণ্ড মুক্তি মৰ্চাই নিজৰ নামটো সলনি কৰি অসম মুক্তি মৰ্চা কৰক – এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি টংলাত এন ডি এৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ সমৰ্থনত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুস্থিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ অসম আগমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

ঝাৰখণ্ড মুক্তি মৰ্চাক ভোট দিলে অসমৰ উন্নয়ন কেতিয়াও নহ’য় বুলি উল্লেখ কৰি অসমৰ মানুহে উন্নয়নৰ স্বাৰ্থতে এনে বহিৰাগত ৰাজনৈতিক দলক সহযোগ নকৰে বুলি কয়৷ ঝাৰখণ্ড মুক্তি মৰ্চাই যদি সঁচাকৈয়ে অসমৰ উন্নয়নৰ বাবে কাম কৰিম বুলি ভাবিছে তেতিয়াহ’লে প্ৰথমে নিজৰ নামটো সলাই অসম মুক্তি মৰ্চা কৰা উচিত বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

অসমৰ নিৰ্বাচন সমূহত আদিবাসী ছাত্ৰ সন্থাই লাভ কৰা ভোট কোনোকালে বিজেপিৰ নাছিল বুলিও কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ টংলা বিধানসভা সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ সমৰ্থনত ওলাই অহা হাজাৰ হাজাৰ সমৰ্থকৰ সন্মুখত ভাষণ দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিদৰে বিজেপি চৰকাৰে আগবঢ়োৱা অভিলাষী আঁচনি সমূহৰ সুবিধা অসমৰ ৰাইজে সম্পূৰ্ণ বিণামূলীয়াকৈ লাভ কৰিছে তাৰ খতিয়ান দাঙি ধৰে৷

আগন্তুক দিনত বিজেপিয়ে চৰকাৰ গঠন কৰিলে পুনৰ ২ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতী এটকা খৰছ নকৰাকৈ চৰকাৰী চাকৰি লাভ কৰিব বুলিও ঘোষণা কৰে৷ জুবিন গাৰ্গক ন্যায় প্ৰদানক লৈ চৰকাৰে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে জুবিনে নিজে পলিটিক্স নকৰিবা বন্ধু বুলি কোৱাৰ পাছতো কংগ্ৰেছে জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইষ্টাহাৰত সন্নিবিষ্ট কৰি এক অক্ষমণীয় অপৰাধ কৰিছে৷

অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজি কংগ্ৰেছে ইস্তাহাৰৰ পৰা জুবিন গাৰ্গৰ নাম আঁতৰাই দিবলৈয়ো দাৱী জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এইবাৰ এন ডি এ মিত্ৰজোঁটে নিৰ্বাচনত ৯০ খনতকৈ অধিক আসনত জয়লাভ কৰিব বুলি দাৱী কৰি ৰাইজৰ দলে ধিঙৰ আসন খনতে সন্তুষ্ট থাকিব লাগিব বুলি ভৱিষ্যৎবাণী কৰে৷

বৰ্তমান অসম কংগ্ৰেছৰ শিপাডাল যথেষ্ঠ দুৰ্বল বুলি দাৱী কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছত অসমত কংগ্ৰেছৰ শিপা নাইকীয়া হ’ৱ বুলি দাৱী কৰে৷ সদ্য এবছু ত্যাগী দ্বিপেন বড়োৰ ৰাজনৈতিক ভৱিষ্যতক লৈয়ো সন্দেহ প্ৰকাশ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই দ্বীপেন বড়োৰ ইউ পি পি এলত যোগদান এক ভূল সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ ওদালগুৰিৰ চাৰিওটা সমষ্টিতে বিজেপি-বিপিএফ মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাৱী কৰে৷

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে তামুলপুৰ বিধানসভা সমষ্টিত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিষয়টো সাংবাদিকে উনুকিয়াই দিয়া প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যসভালৈ যোৱাৰ পাছত প্ৰমোদ বড়োই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাটো ভূল সিদ্ধান্ত৷

তামুলপুৰত জয়লাভ কৰিলেও ৰাজ্যসভা এৰি প্ৰমোদ বড়ো বিধানসভালৈ নাহে৷ তেনে ক্ষেত্ৰত তামুলপুৰত পুনৰ উপ নিৰ্বাচন হ’ৱ৷ ইয়াৰ ফলত আমাৰ লাভৰ পৰিৱৰ্তে ক্ষতিহে বেছি হ’ৱ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে তামুলপুৰৰ ৰাইজৰ লগতে ইউ পি পি এল দলৰ কৰ্মী সকলেও নিজৰ ভোঁট নষ্ট নকৰি বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ পক্ষতে ভোটদান কৰিব বুলি দাৱী কৰে৷

ইফালে মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা সভাত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু এবছুৰ প্ৰাক্তন সভাপতি দ্বীপেন বড়োক সমালোচনা কৰে । বিটিচিৰ ১৫ খন আসন জয়ী হোৱাতো নিশ্চিত বুলি দাবী কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে, যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে কথামতেই কাম কৰে বিটিচিত যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দ্বিতীয় বাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । টংলাৰ বিজয় সংকল্প যাত্ৰা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , টংলাৰ NDA প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকা, বিটিচিৰ ইএম লৌমশ্ৰাও দৈমাৰী, এমচিএলএ পল টপ্প’ , দিগন্ত বৰুৱা , প্ৰাক্তন ইএম সঞ্জিত তাঁতী , বিজেপি নেতা কনেশ্বৰ ডেকা, অৰ্পনা মেধী, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জৌশ্ৰাং বড়োকে ধৰি বহুকেইগৰাকী NDA সমৰ্থিত নেতা-কৰ্মী ।

নিয়মীয়া বাৰ্তা, ডিমাকুছি , ১ এপ্ৰিল

You might also like