নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত দলবিৰোধী কার্যকলাপঃ দুই প্রাক্তন বিধায়কসহ ৪৭ নেতাক কংগ্রেছৰ পৰা বহিষ্কাৰ

নিয়মীয়া বাৰ্তা ৫ মেঃ সদ্যসমাপ্ত বিধানসভা নির্বাচনত দলবিৰোধী কার্যত জড়িত থকাৰ অভিযোগত লখিমপুৰত দুজন প্রাক্তন বিধায়কসহ ৪৭জনক কংগ্রেছৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ লখিমপুৰ জিলা কংগ্রেছৰ সভাপতি প্রদীপ গগৈ স্বাক্ষৰিত এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে৷ বিবৃতিটোত উল্লেখ কৰা মতে, নির্বাচনত দলবিৰোধী কার্যত জড়িত থকাৰ বাবে লখিমপুৰৰ প্রাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই আৰু নাওবৈচাৰ প্রাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাসহ ৪৭জনক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷

আনহাতে বহিষ্কৃত কর্মীসকল হ’ল– পংকজ শইকীয়া, মৃদুল শইকীয়া, বসন্ত বৰা, কল্পনা বৰুৱা, আয়ুব আলী, ইনামুল হাচান, আনিচ আহমেদ, নৰেন শইকীয়া, হবিবুৰ ৰহমান, শকুন্তলা পাৱে, নুৰ মহম্মদ, শ্বাহনাজ বেগম, নজৰুল ইছলাম, সুভদ্রা গগৈ, ৰূপা দত্ত, মাখন শইকীয়া, অশোক চৌধুৰী, খাইৰুল ইছলাম, নিতেন টাইদ, টংকেশ্বৰ শইকীয়া, ৰফিক আহমেদ, চাহাবুদ্দিন, প্রদীপ শইকীয়া, ভবেন শর্মা, ৰঞ্জন টাইদ, প্রহ্লাদ টাইদ, মনোৰম টাইদ, ৰমেশ টাইদ, ৰাজু পাংগিং, ধর্মেন্দ্র পায়েং, মুকুল চুতীয়া, প্রভাত পাংগিং, মাণিক গগৈ, বিখানন্দ মিলি, পীতাম্বৰ পেগু, মন্দিতা পেগু, ভূপেন হাজৰিকা, হেমচন্দ্র তামুলী, বিজয় দলে, বলীন দলে, মণিকান্ত দলে, টংক শইকীয়া, হেমাংগ চেতিয়া, জীৱৰাম পেগু আৰু দীন বৰা৷ এইসকল নেতা–কর্মী নাওবৈচা আৰু লখিমপুৰ সমষ্টিৰ৷

You might also like