নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম বিভাগত উত্তীর্ণ হোৱা সকলো শিক্ষার্থীয়েই নাপাব স্কুটীঃ শিক্ষামন্ত্রী ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ২৮ জুন: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ সকলো ছাত্র–ছাত্রীয়ে লাভ নকৰিব স্কুটী৷ উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দিনাই এই কথা স্পষ্ট কৰি দিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

সাংবাদিকৰ সৈতে হোৱা বার্তালাপত শিক্ষামন্ত্রীৰ মন্তব্য– উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণসকলক স্কুটী প্রদান কৰাৰ যি এক আঁচনি আছিল, সেই আঁচনি এইবাৰো অনা হ’ব৷ কিন্তু পূর্বৰ দৰে এইবাৰো স্কুটী লাভ কৰিবৰ বাবে কাট অফ মার্ক প্রস্তুত কৰিব শিক্ষা বিভাগে৷ প্রথম বিভাগত উত্তীর্ণ সকলো ছাত্র–ছাত্রীয়ে লাভ নকৰে স্কুটী৷

আনহাতে, মেট্রিকত প্রথম বিভাগত উত্তীর্ণ ছাত্র–ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা প্রদানৰ যি আঁচনি আছিল, সেই আঁচনিৰ ক্ষেত্রতো শিক্ষামন্ত্রীগৰাকীয়ে এক প্রশ্ণৰ সৃষ্টি কৰে৷ শিক্ষামন্ত্রীগৰাকীৰ ভাষ্য– প্রথম বিভাগত উত্তীর্ণ ছাত্র–ছাত্রীসকলক চৰকাৰে কি সাহায্য দিব–নিদিব, সেই সিদ্ধান্ত গ্রহণ কৰিব মুখ্যমন্ত্রীয়ে৷

ইফালে, উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ নিজৰ সন্তুষ্টি প্রকাশ কৰে শিক্ষামন্ত্রীগৰাকীয়ে৷ এই সন্দর্ভত তেওঁ কয়– বিগত এটা দশকৰ পাছত এই ফলাফল সর্বশ্রেষ্ঠ৷ চলিত বর্ষত কেউটা শাখাত উত্তীর্ণৰ হাৰ সর্বাধিক৷ উত্তীর্ণ হোৱা প্রতিগৰাকী ছাত্র–ছাত্রীকে মই অভিনন্দন জনাইছোঁ৷ উচ্চ শিক্ষাৰ পৃথিৱীখনলৈ তেওঁলোক আগবাঢ়ি যোৱাৰ বাবে মই শুভেচ্ছা জনাইছোঁ৷ ক’ভিডৰ জটিল পৰিস্থিতিৰ সেই বর্ষটোক যদি আমি বাদ দিওঁ, যোৱা ১০টা বছৰৰ ভিতৰত এই ফলাফল যথেষ্ট উন্নত৷ বিজ্ঞান শাখাত এইবাৰ ৯২.১৯ শতাংশ, কলা শাখাত ৮৩.৪৮ শতাংশ আৰু বাণিজ্য শাখাত ৮৭.২৬ শতাংশ ছাত্র–ছাত্রী উত্তীর্ণ হৈছে৷ শিক্ষামন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সৈতে এই ফলাফল তুলনা কৰিব পৰা নাযায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থী যথেষ্ট বেছি৷ দৰাচলতে দশম শ্রেণীতে এই পৰীক্ষার্থীসকলক স্ক্রীনিং কৰা হয়৷ তাৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষা, একাদশ শ্রেণীৰ পৰীক্ষা আৰু শেষত চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হয় ছাত্র–ছাত্রীসকল৷ সেই দিশৰ পৰা আজিৰ ফলাফল অথবা ছাত্র–ছাত্রীসকলে কঢ়িয়াই অনা ফলাফল যথেষ্ট আশাব্যঞ্জক আৰু উন্নত৷ মই ভাবোঁ এই উন্নত ফলাফলৰ ধাৰা আগলৈ অব্যাহত থাকিব৷

You might also like