নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘণ্টাত দুশৰো অধিক গতিবেগ! চর্চাত ভুবনেশ্বৰৰ বলিং

নিয়মীয়া বাৰ্তা, ২৮ জুন: আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা প্রথমখন টি–২০ মেচত হঠাতে বিখ্যাত হৈ পৰিল ভুবনেশ্বৰ কুমাৰ৷ ঘণ্টাত ২০০ কিলোমিটাৰৰো অধিক গতিত বলিং কৰিলে ভাৰতীয় পেচ বলাৰগৰাকীয়ে৷ কালি অনুষ্ঠিত মেচখনত ভুবনেশ্বৰে প্রথমটো বল কৰাৰ পিছতে স্পীডোমিটাৰত দেখা যায়, তেওঁৰ গতিবেগত ঘণ্টাত ২০১ কিলোমিটাৰ৷ সেই অ’ভাৰতে তেওঁৰ আৰু এটা বলৰ গতিবেগ আছিল ২০৮ কিলোমিটাৰ৷ টিভিত খেল চাই থকা দর্শকসকল স্বাভাৱিকতে স্তম্ভিত হৈ পৰে৷ সামাজিক মাধ্যমত সেই মুহূর্তৰ স্ক্রীনশ্বট ভাইৰেল হৈ পৰে৷

বহুতে দাবী কৰে যে ছোৱেইব আখতাৰৰ ৰেকর্ড ভংগ কৰিলে ভুবনেশ্বৰে৷ পিছে আচল ঘটনা সেইটো নহয়৷ জানিব পৰামতে প্রযুক্তিগত ত্রুটিৰ বাবেহে সেয়া সম্ভৱ হৈছে৷ উল্লেখযোগ্য যে আন্তর্জাতিক ক্রিকেটত দ্রুততম বলিং কৰিছিল আখতাৰে৷ ছোৱেইবৰ অভিলেখক প্রত্যাহ্বান জনাব পৰা ভাৰতীয় দলৰ একমাত্র খেলুৱৈগৰাকী হৈছে উমৰান মালিক৷ অৱশ্যে কালি উমৰানে মাত্র ১ অ’ভাৰ বলিং কৰি ১৪ ৰান ব্যয় কৰে৷ ইয়াৰ বিপৰীতে ভুবনেশ্বৰে ৩ অ’ভাৰত ১৬ ৰান দি এটা উইকেট দখল কৰে৷

You might also like