নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ জিলাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দিচাং আৰু দিৰৈ নদীৰ জলপৃষ্ঠ

বিশেষ বাৰ্তা, ১৬ মেঃ ৰাজ্যত বছৰৰ প্ৰথমটো বানে উজনি-নামনিৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰাল কৈ উজনি অসমৰ চৰাইদেউ জিলাতো বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে । যোৱা কিছুদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জিলাখনৰ খেতি পথাৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । সমান্তৰাল কৈ জিলাখনৰ প্ৰধান উপ-নৈ দিচাং আৰু দিৰৈ নদীৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে । যোৱা দুটা দিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দুয়োখন নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে জিলাখনৰ বহুকেইখন ৰাজহ গাঁৱৰ খেতি পথাৰত এক প্ৰকাৰ বাঢ়নি পানীৰ পৰিৱেশ সৃষ্টি হৈছে । আনহাতে দুয়োখন নদীৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা জলপৃষ্ঠই নদী কাষৰীয়া জনসাধাৰণলৈ তীব্ৰ অশনি সংকেট কঢ়িয়াই আনিছে । কিয়নো বিজ্ঞান সন্মতভাৱে দুয়োখন নদীৰ কাষত মথাউৰি নিৰ্মাণ নকৰাৰ ফলত যিকোনো সময়তে মথাউৰি ভাগি যোৱাৰ সম্ভাৱনাই দেখা দিছে । আনহাতে প্ৰৱল বৃষ্টিপাতৰ ফলত খেতিয়কসকলো ভীষণ চিন্তিত হৈ পৰিছে । কিয়নো অধিকাংশ শাক-পাচলি বৰষুণৰ ফলত নষ্ট হোৱাৰ পৰিলক্ষিত হৈছে । উল্লেখ্য যে, জিলাখনৰ উল্লিখিত দুয়োখন নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ আন বহুকেইখন সৰু নদীৰো জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ টাওকাক, টিয়ক, টিফুক নদীকে ধৰি বহুকেইখন সৰু নদীত যথেষ্ট পৰিমাণে পানী বৃদ্ধি পাবলৈ ধৰিছে ।
প্ৰেৰক : দীপাংকৰ পাল

You might also like