নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ গৰিমাক হত্যাঃ মাঘ মেলাত অশ্লীল নৃত্য-গানত মত্ত স্বল্পবসনা যুৱতী আৰু লুঙী পৰিহিত যুৱক

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ মাঘ বিহুৰ মঞ্চত অশ্লীল নৃত্য-গীতৰ সমাহাৰ ঘটিল সত্ৰ নগৰী বৰপেটাত। এক ঐতিহাসিক সংস্কৃতিৰ ভাৰ বহন কৰি অহা জিলাখনত মাঘ বিহুৰ নামত সজাই তোলা মঞ্চত অশ্লীল নৃত্যৰ অনুষ্ঠানে জিলাখনৰ গৰিমাময় ঐতিহ্যত আঘাত হানিলে।

বৰপেটাৰ মেধিৰটাৰীত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ চলা মাঘ মেলাৰ মঞ্চত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত মঞ্চত স্বল্পবসনা যুৱতীৰ যৌন উত্তেজনাধৰ্মী নাচ-গান চলে। স্বল্প বসনা যুৱতীৰ লগে লগে লুঙী পৰিহিত যুৱকেও কৰে নৃত্য। পৰম্পৰাগত সংস্কৃতি বিহুৰ নামত পতা অনুষ্ঠানত কেনেদৰে এই অশ্লীল নৃত্যৰ সমাৱেশ ঘটিল তাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে।

উদযাপন সমিতিৰ সভাপতি আব্দুল মতলেব, কাৰ্যকৰী সভাপতি নাজিৰ হুছেইন,মুখ্য সম্পাদক লুতফুৰ ৰহমানৰ উদ্যোগত মেধিৰটাৰী হাইস্কুল খেলপথাৰত আয়োজিত হৈছিল মাঘ মেলা। নৃত্যৰ স্বৰূপ ইমানেই লজ্জাজনক আছিল যে দৰ্শকৰ মাজৰ পৰা উঠি গৈ এগৰাকী লোকে হাতত লাঠী লৈ নৃত্যৰত স্বল্পবসনা যুৱক-যুৱতীক মূল মঞ্চৰ পৰা নমাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ পিছতে স্থানীয় সাংবাদিকে আয়োজক সমিতিৰে যোগাযোগ কৰিব বিচাৰে যদিও সমিতিৰ প্ৰায়সংখ্যক কাৰ্যকৰ্তাই মোবাইল ফোনৰ ছুইচ অফ কৰি আত্মগোপন কৰে। কিন্তু বিহুৰ তাৎপৰ্য আৰু মূল্যৰ লগতে জিলাখনৰ ঐতিহ্যময় সংস্কৃতিক এই ঘটনাই হত্যা কৰিলে বুলি সৰৱ চৰ্চা হৈছে অঞ্চলটোত।

You might also like