নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ অপৰাধীয়ে বাহৰ পাতিছে মহানগৰীত, ডকাইতি-দেহ ব্যৱসায়ত দিছে হাত

ভেটাপাৰা-বেলতলাৰ ডকাইতি কাণ্ডত বিহাৰৰ দুৰ্বৃত্ত

নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ বহিঃৰাজ্যৰ পৰা অহা দুর্বৃত্তৰ দলে গুৱাহাটী মহানগৰীত বাহৰ পাতি চুৰি-ডকাইতিকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ এইক্ষেত্ৰত তেওঁলোকক সহযোগ কৰিছে স্থানীয় অপৰাধী চক্ৰয়ো।

ভেটাপাৰাৰ পৰা ২০ লাখ টকা ডকাইতিৰ ঘটনাৰ লগত জড়িত বিহাৰৰ এটা অপৰাধীক হাতীগাঁও আৰক্ষীয়ে দুদিন পূর্বে গ্ৰেপ্তাৰ কৰাৰ পাছতে কালি পুনৰ বিহাৰৰ পৰা অহা দুজনীয়া দুর্বৃত্তৰ দলে বেলতলাৰ পেট্র’ল পাম্পত দিন ডকাইতি কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

দুজনীয়া দুর্বৃত্তৰ দলটোৱে বেলতলাৰ সঞ্জীৱনি পেট্র’ল পাম্পৰ কেছ কাউণ্টাৰৰ পৰা এটা টকাভর্তি বেগ কাঢ়ি পলাবলৈ চেষ্টা চলাইছিল৷ পেট্র’ল পাম্পটোৰ কর্মচাৰীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজে এই ধন লুটত জড়িত চনু কুমাৰ যাদৱ নামৰ দুর্বৃত্তটোক কৰায়ত্ত কৰে৷ ৰাইজে উত্তম–মধ্যম শোধাই ধৃত যাদৱক বশিষ্ঠ আৰক্ষীক গতাই দিয়ে৷ কিন্তু সুযোগ বুজি ৰাজু কুমাৰ যাদৱ নামৰ আনটো দুর্বৃত্ত পলাই যায়৷

বেলতলাৰ পেট্র’ল পাম্পত দিন ডকাইতিত জড়িত দুর্বৃত্ত দুটাৰ ঘৰ বিহাৰত হোৱাৰ লগতে  ভেটাপাৰাৰ চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাত জড়িত আছে বহিঃৰাজ্যৰ অদিত তিৱাৰী আৰু পংকজ সাহা। সাহা আজিও পলাতক হৈ আছে। হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাই জানিবলৈ দিয়া মতে বহিঃৰাজ্যৰ এই দুই ডকাইতে বশিষ্ঠত ঘৰভাড়া লৈ আছিল। 

উল্লেখ্য, চুৰি-ডকাইতিৰ লগতে দেহ ব্য়ৱসায়ৰ লগতো জড়িত হৈছে বহিঃৰাজ্যৰ পৰা অহা লোক। অলপতে খ্ৰীষ্টানবস্তিত এটা নিউজ চেনেলৰ ষ্ট্ৰিং অপাৰেচনত পোহৰলৈ আহিছিল ৰাজস্থানৰ ওম্বাৰ সিং বাৰ্মা নামৰ এগৰাকী দুৰ্বৃত্তই মহানগৰীত চলোৱা অনলাইন দেহ ব্যৱসায়ৰ কথা।

You might also like