নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত বিশাল জনসভাঃ উপস্থিত মুখ্যমন্ত্ৰীসহ কেন্দ্ৰীয় গৃহমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১০ মেঃ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ আজি এটি বৰ্ষ পূৰ্ণ হল। ড° শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত আয়োজিত ৰাজহুৱা সভাত আয়োজন কৰা হয় বিশাল জনসভা। উক্ত সভাত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকি জনতাক উদ্দেশ্যি ভাষণ আগবঢ়ায়। উল্লেখ্য যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে অসমক দেশৰ ভিতৰতে সকলো ক্ষেত্ৰতে আগৰণুৱা কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। উক্ত সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, প্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, অগপৰ সভাপতি অতুল বড়া, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োও উপস্থিত থাকে ৷

 

You might also like