নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰগাঁৱত শৰণীয়া কছাৰীৰ বাঁহ গোসাঁই উৎসৱৰ সামৰণি

🎯শৰণীয়া কছাৰীসকল হাড়ে-হিমজুৱে জনজাতি, ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিখা আছে এই কথা : প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ডেকা

🎯সকলো জাতি-জনগোষ্ঠীক সমমৰ্যাদা, সমঅধিকাৰ দিয়াৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ: সাংসদ দিলীপ শইকীয়া

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : শৰণীয়া কছাৰীসকল হাড়ে-হিমজুৱে জনজাতি। এটা আদিম জনজাতি জনগোষ্ঠী । ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈ আছে এই কথা। তৎসত্বেও শৰণীয়া কছাৰীসকল জনজাতিৰ মৰ্যাদাক লৈ যি প্ৰশ্নৰ উদ্ৰেক হৈছে সি অতি পৰিতাপৰ বিষয়- এই মন্তব্য সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধৰ্মেশ্বৰ ডেকাৰ। ১৮ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ঝাৰগাঁৱত অনুষ্ঠিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ-গোসাঁই উৎসৱৰ আজি অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি প্ৰাক্তন ছাত্ৰ নেতা ডেকাই কয় যে শৰণীয়া কছাৰীসকলক উপাধিৰ অচিলা লৈ বা অন্যান্য কাৰণত জনজাতি প্ৰমাণপত্ৰ লাভৰ পৰা অন্যায়ভাৱে বঞ্চিত কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিপ্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত শৰণীয়া কছাৰীসকলৰ সমস্যাসমুহৰ সমাধানৰ বাট মুকলি হ’ব বুলি তেওঁ আশা পোষণ কৰে। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত জনাকীৰ্ণ সভাত অংশ লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সকলো জাতি-জনগোষ্ঠী, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে আমি সকলোৱে মিলিজুলি, শান্তি-সম্প্ৰীতিৰে একেলগে বসবাস কৰি ভাতৃত্ববোধ সুদৃঢ় কৰি ৰাখিব লাগিব। ইপিনে অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ আগত সাংসদ দিলীপ শইকীয়াই কয় যে শৰণীয়া কছাৰী সকলৰ জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধা আছে; কিন্তু সকলো জাতি-জনগোষ্ঠীক সমমৰ্যাদা, সমঅধিকাৰ দিয়াৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই আঁত ধৰা উক্ত সভাত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচাম, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকা আৰু সহকাৰী অধ্যাপক ড° মঞ্জিল হাজৰিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শব্দ ৰাভা, সদৌ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ৰামেশ্বৰ ডেকা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লৈ সভা শুৱনি কৰে। ইয়াৰ পূৰ্বে স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ ৰাজপত্ৰিত বিষয়া ৰূপে কৰ্মৰত জনগোষ্ঠীটোৰ সুযোগ্যা সন্তান ৰজিলীনা শৰণীয়াক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে। পুৱাৰ ভাগত গোসাঁই ধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিটিচি পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়োৱে। সংগঠন সমুহৰ পতাকা উত্তোলন কৰে ক্ৰমে প্ৰবীণ ডেকা, প্ৰমীলা দাস, মহেশ্বৰ শইকীয়া আৰু সোণবৰ বৰুৱাই । ইয়াৰ পিছতে স্মৃতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই কয় যে একাংশ ন্যস্তস্বাৰ্থ জড়িত লোকে শৰণীয়া কছাৰী জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । শৰণীয়া কছাৰী বিৰোধী শক্তিৰ এই ষড়যন্ত্ৰক ওফৰাই জনগোষ্ঠীটোৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ আজুৰি আনিবৰ বাবে জনগোষ্ঠীটোৰ সকলো লোককে ঐক্যবদ্ধভাৱে থিয় দিবলৈ তেওঁ আহ্বান জনায় । কোনো এখন চৰকাৰে শৰণীয়া কছাৰী সকলৰ সমস্যা সমুহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ নকৰিলে বুলিও ছাত্ৰ নেতা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। শৰণীয়া কছাৰী লোক নৃত্য-গীতেৰে মুখৰ হৈ পৰা বাঁহ গোসাঁই উৎসৱ থলীত আজি অন্তিম দিনটোত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাবেশ ঘটে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like