নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত সাংবাদিকক উপহাৰ প্ৰদান জিলা আয়ুক্তৰ

সঠিক তথ্য, শুদ্ধ বাতৰিৰে সমাজত শান্তি-শৃংখলা অটুট ৰখাত ভূমিকা পালন কৰিব লাগিব সাংবাদিকসকলে : পুলক পাটগিৰি

ওদালগুৰি জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা গুডউইল গিফটসমুহ আজি প্ৰদান কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে সাংবাদিকসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই উপহাৰ। জিলাখনৰ ২৪গৰাকী সাংবাদিকে লাভ কৰে মুখ্যমন্ত্ৰীৰ এই উপহাৰ।

উপহাৰ প্ৰদান কৰি জিলা আয়ুক্ত পাটগিৰিয়ে কয় যে সমাজখনত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে সাংবাদিক, প্ৰশাসন আৰু ৰাইজৰ মাজত সদায় এটা সুসম্পৰ্ক থাকিব লাগে। কিয়নো সাংবাদিকসকলেই মানুহৰ মাজত সজাগতা, সচেতনতা সৃষ্টি কৰি সমাজখনক শুদ্ধ পথলৈ আগুৱাই নিব পাৰে। সেয়ে সঠিক তথ্য, শুদ্ধ বাতৰি যোগান ধৰি সমাজখনত শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সাংবাদিকসকলে ভূমিকা পালন কৰিব লাগিব।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অখিল কলিতা, গুণজিৎ দাস, মোচাদ্দিক হুছেইন আৰু অৰুণ শৰ্মাই বক্তব্য প্ৰদান কৰি মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ কথা দাঙি ধৰি সমস্যাসমুহ সমাধানৰ বাট উলিওৱাত সহযোগ কৰিবলৈ জিলা আয়ুক্তগৰাকীক আহ্বান জনায় জ্যেষ্ঠ সাংবাদিককেইগৰাকীয়ে।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত জিলা জনসংযোগ বিষয়া বিগ্ৰাই বসুমতাৰী, এছডিঅ (সদৰ) শশী কুমাৰ ডেকা আৰু সহকাৰী আয়ুক্ত স্বৰাজ ভাৰত লাগাছুও উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ২৯ জানুৱাৰী

You might also like