নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পর্যায়ৰ নির্বাচনত অসমৰ ৬১ প্রার্থীৰ ১৯জনেই কোটিপতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ দ্বিতীয় পর্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৬১জন প্রার্থীৰ ভিতৰত ১৯জনে কোটিপতি৷ এই প্রার্থীসকলৰ সম্পত্তিৰ পৰিমাণ ১ কোটিতকৈ অধিক৷ এছ’চিয়েট ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এডিআৰ) নামৰ প্রতিষ্ঠানটোৱে দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকলে দাখিল কৰা শপতনামা বিশ্লেষণ কৰি এই তথ্য প্রকাশ কৰিছে৷ প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি বিজেপিৰ ৫, কংগ্রেছৰ ৪, গণ সুৰক্ষা পার্টিৰ ২, অসম জনমর্চাৰ ১, তৃণমূল কংগ্রেছৰ ১, এআইইউডিএফৰ ১, ৰিপাব্লিকান পার্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ ১, বিপিএফৰ ১, ৰাষ্ট্রীয় উলামা কাউন্সিলৰ ১, বহুজন মহাপার্টিৰ ১ আৰু এজন নির্দলীয় প্রার্থী কোটিপতি৷ প্রার্থীসকলৰ গড় হিচাপত সম্পত্তিৰ পৰিমাণ হৈছে ৩.৪৯ কোটি টকা৷ অৱশ্যে দ্বিতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ভিতৰত সর্বাধিক ধনী প্রার্থী হৈছে এআইইউডিএফৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্রার্থী চাহাবুল ইছলাম চৌধুৰী৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৩,০৩,৯১,৮৩২ টকা৷ ইয়াৰে ভিতৰত তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৫৬,৬৫,৭০,০০০ টকা৷ আনহাতে চৌধুৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৬,৩৮,২১,৮৩২ টকা৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে নগাঁৱৰ বিজেপি প্রার্থী সুৰেশ বৰা৷ প্রার্থীজনৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৬ কোটি টকাতকৈও অধিক৷ তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১৬,১৭,৬৯,০০০ টকা৷ আনহাতে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২৯,৯৬,৭৭,০৮২ টকা৷ সর্বাধিক ধনীৰ তালিকাত তৃতীয় স্থানত আছে ডিফু সমষ্টিৰ বিজেপি প্রার্থী অমৰছিং টিছ’৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ২২ কোটি টকাতকৈও অধিক৷ সেইদৰে নগাঁৱৰ কংগ্রেছ প্রার্থী প্রদ্যুৎ বৰদলৈৰ সম্পত্তিৰ পৰিমাণ ৮ কোটি টকাতকৈও অধিক৷ প্রদ্যুৎ বৰদলৈৰ পাছতে এই তালিকাৰ পঞ্চম স্থানত আছে শিলচৰ সমষ্টিৰ বহুজন মহাপার্টিৰ প্রার্থী ৰাজীৱ দাস৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬ কোটি টকাতকৈও অধিক৷ আনহাতে শিলচৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা নির্দলীয় প্রার্থী ৰাজু দাস হৈছে আটাইতকৈ দুখীয়া প্রার্থী৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ মাত্র ১৪,২২৯ টকা৷ আনহাতে দ্বিতীয় পর্যায়ৰ নির্বাচনত পাঁচটা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা ৬১জন প্রার্থীৰ ভিতৰত ৯জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে৷ ইয়াৰে ভিতৰত বিজেপিৰ এজন, এআইইউডিএফৰ দুজন, গণ সুৰক্ষা পার্টিৰ এজন আৰু পাঁচজন নির্দলীয় প্রার্থীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে৷ গোচৰ ৰুজু হৈ থকা প্রার্থীসকল হৈছে নগাঁৱৰ এআইইউডিএফ প্রার্থী আমিনুল ইছলাম, নগাঁৱৰ নির্দলীয় প্রার্থী শিখা শর্মা, নগাঁৱৰ বিজেপি প্রার্থী সুৰেশ বৰা, কৰিমগঞ্জৰ নির্দলীয় প্রার্থী আব্দুল কালাম মজুমদাৰ, এআইইউডিএফৰ কৰিমগঞ্জৰ প্রার্থী চাহাবুল ইছলাম চৌধুৰী, ডিফুৰ নির্দলীয় প্রার্থী জে আই কাথাৰ, দৰং–ওদালগুৰিৰ গণ সুৰক্ষা পার্টিৰ প্রার্থী স্বর্ণা দেৱী, কৰিমগঞ্জৰ নির্দলীয় প্রার্থী মোজাক্কিৰ হাছান লস্কৰ আৰু নগাঁও সমষ্টিৰ নির্দলীয় প্রার্থী আবু ইউছুফ মহম্মদ ৰায়হান উদ্দিন৷ এডিআৰৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি পাঁচটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ভিতৰত ২৯জন প্রার্থীৰ শিক্ষাগত অর্হতা অষ্টম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ভিতৰত৷ আনহাতে ৩১জন প্রার্থীৰ শিক্ষাগত অর্হতা স্নাতক অথবা ততোধিক৷ ইয়াৰে ভিতৰত ৪জন অষ্টম শ্রেণী উত্তীণর্ণ, ৪জন দশম শ্রেণী উত্তীর্ণ, ২১জন দ্বাদশ শ্রেণী উত্তীর্ণ, ১৫জন স্নাতক, ৬জন বৃত্তিমূলক স্নাতক, ১০জন স্নাতকোত্তৰ ডিগ্রীধাৰী৷ দ্বিতীয় পর্যায়ত মাত্র দুগৰাকী মহিলা প্রার্থীয়েহে প্রতিদ্বন্দ্বিতা কৰিছে৷ উল্লেখ্য যে অহা ২৬ এপ্রিলত দৰং–ওদালগুৰি, ডিফু, কৰিমগঞ্জ নগাঁও আৰু শিলচৰত দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন অনুষ্ঠিত হ’ব৷ এডিআৰৰ তথ্য অনুসৰি দৰং–ওদালগুৰি সমষ্টিত ১১, ডিফু সমষ্টিত ৫, কৰিমগঞ্জ সমষ্টিত ২৪, নগাঁও সমষ্টিত ১৩ আৰু শিলচৰ সমষ্টিত ৮জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ অৱশ্যে এজন প্রার্থীৰ তথ্য স্পষ্ট নোহোৱাত এডিআৰে ৬০জন প্রার্থীৰ শপতনামাৰ তথ্য বিশ্লেষণ কৰি এই প্রতিবেদন প্রকাশ কৰিছে৷

You might also like