নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৪ শতাংশ লোকে প্রধানমন্ত্রী হিচাপে বিচাৰে মোদীক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ মাত্র তিনি দিন পিছতে লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ আৰম্ভ হ’ব৷ নৰেন্দ্র মোদী পুনৰ প্রধানমন্ত্রী হ’ব নে বিৰোধী ‘ইণ্ডিয়া’ জোঁটে শেষ হাহি মাৰিব, তাক লৈ চলি আছে বিভিন্ন সংস্থাৰ সমীক্ষা৷ ডেইলীহাণ্টৰ ‘ট্রাষ্ট অৱ দ্য নেচন ২০২৪’ৰ সমীক্ষাত যি ছবি তুলি ধৰা হৈছে, সেয়া গেৰুৱা শিবিৰৰ বাবে উৎসাহজনক৷ সমীক্ষা অনুসৰি ৬৪ শতাংশ মানুহে নৰেন্দ্র মোদীকেই পুনৰ দেশৰ প্রধানমন্ত্রী হিচাপে বিচাৰে৷ অকল সেয়াই নহয়, ৬৩ শতাংশ মানুহে বিশ্বাস কৰে যে এনডিএ জোঁটে পুনৰ ক্ষমতালৈ প্রত্যাৱর্তন কৰিব৷ দেশৰ ১১টা ভাষাত এই সমীক্ষা চলোৱা হৈছে৷ ইংৰাজী, হিন্দী আৰু গুৰুত্বপূর্ণ আঞ্চলিক ভাষাত ৭৭ লাখতকৈ অধিক লোকৰ সৈতে কথা পাতি এই ছবি তুলি ধৰিছে ডেইলীহাণ্টে৷ সমীক্ষা অনুসৰি প্রতি পাঁচজনৰ তিনিজনেই ধাৰণা কৰে যে পুনৰ দেশৰ প্রধানমন্ত্রী হ’ব মোদী৷ শতাংশ হিচাপত মোদীৰ পক্ষত আছে ৬৪ শতাংশ লোক৷ এইক্ষেত্রত ৰাহুল গান্ধীৰ পক্ষত মাত্র ২১.৮ শতাংশ৷ ৬৩ শতাংশ মানুহে ধাৰণা কৰে যে এনডিএ জোঁটে পুনৰ চৰকাৰ গঠন কৰিব৷ ৰাজ্য অনুসৰি হিচাপটো চাবলৈ গ’লে দিল্লীত প্রধানমন্ত্রী হিচাপে মোদীক বিচাৰে ৫৭.৭ শতাংশ মানুহে৷ ৰাহুল গান্ধীক দিল্লীত ২৪.২ শতাংশ মানুহে দেশৰ পৰৱর্তী প্রধানমন্ত্রী হিচাপে বিচাৰে৷ ইফালে যোগী আদিত্যনাথক দিল্লীৰ ১৩.৭ শতাংশ লোকে দেশৰ পৰৱর্তী প্রধানমন্ত্রী হিচাপে বিচাৰে৷ ইফালে যোগীৰ ৰাজ্য উত্তৰ প্রদেশত ৭৮.২ শতাংশ লোকে পুনৰ মোদীকে প্রধানমন্ত্রী হিচাপে বিচাৰিছে৷ ৰাহুলৰ পক্ষত উত্তৰ প্রদেশৰ মাত্র ১০ শতাংশ মানুহহে আছে৷ কিন্তু তামিলনাডু আৰু কেৰালাত সমীক্ষাই বিপৰীত ছবি তুলি ধৰিছে৷ তামিলনাডুত ৪৩.২ শতাংশ মানুহে মোদীক প্রধানমন্ত্রী হিচাপে বিচৰাৰ বিপৰীতে প্রায় ৪৪ শতাংশ মানুহে ৰাহুল গান্ধীক পৰৱর্তী প্রধানমন্ত্রী হিচাপে বিচাৰে৷ কেৰালাত ৪০.৮ শতাংশ মানুহ মোদীৰ পক্ষত থকাৰ বিপৰীতে ৪০.৫ শতাংশ মানুহ আছে ৰাহুলৰ পক্ষত৷ প্রধানমন্ত্রী হিচাপে মোদীৰ সামগ্রিক প্রদর্শনত দেশৰ ৬১ শতাংশ মানুহ সন্তুষ্ট বুলি এই সমীক্ষাটোত তুলি ধৰা হৈছে৷

You might also like