নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম প্রথম, সদায় আৰু চিৰদিন’… ৰাজনৈতিক দলৰ আনুষ্ঠানিক ঘোষণা আছু–যুৱ ছাত্রৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অসম প্রথম, সদায় আৰু চিৰদিন –এই শ্লোগানেৰে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ মুখ্য আহ্বায়কৰ দায়িত্ব ল’লে ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু বসন্ত ডেকাই৷ কালি সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে তেওঁলোকক দল গঠনৰ বাবে যাৱতীয় কাম–কাজ আৰম্ভ কৰাৰ দায়িত্ব অর্পণ কৰে৷ অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত নতুন দলটোৰ পূর্ণাংগ আহ্বায়ক সমিতিখন ঘোষণা কৰা হ’ব৷ এইদৰেই সর্বভাৰতীয় আৰু সাম্প্রদায়িক ৰাজনীতিৰ পৰা আঁতৰি সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে আজি এক নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ বীজ ৰোপণ কৰে৷

সংগঠন দুটাই পূর্বৰে পৰা ৰাজনৈতিক দল গঠনৰ কুছকাৱাজ চলাই অহাৰ পাছত কালি আনুষ্ঠানিকভাৱে এই দিশত এটা গুৰুত্বপূর্ণ সিদ্ধান্ত সদৰী কৰে৷ আছু আৰু যুৱ ছাত্র পৰিষদৰ নেতৃত্বই ইতিমধ্যে বিজেপি, কংগ্রেছ আৰু এআইইউডিএফৰ দৰে দলৰ পৰা সমদূৰত্ব বজাই ৰাখিব বুলি ঘোষণা কৰিছে৷ কালি এক নতুন ৰাজনৈতিক শক্তিৰ জন্ম নিশ্চিত কৰি তেওঁলোকে আপোচহীন আঞ্চলিক ৰাজনৈতিক শক্তিৰ পক্ষত নিজৰ স্থিতি পুনৰবাৰ দোহাৰে৷ কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত আহ্বায়কদ্বয়ৰ হাতত এই দায়িত্ব অর্পণ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে এতিয়াৰ পৰা ৰাজনৈতিক দল সন্দর্ভত সকলো সিদ্ধান্ত ল’ব আহ্বায়কসকলে আৰু সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে নিজৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাব৷

ইয়াৰ লগে লগে আহ্বায়কসকলে ৰাজনৈতিক দল গঠনৰ প্রক্রিয়াক পূর্ণাংগ পর্যায়লৈ আগবঢ়াই নিব৷ আন আন দল–সংগঠনৰ লগত মিত্রতা সন্দর্ভত আছুৰ সভাপতিগৰাকীয়ে লগতে কয় যে সকলো সংগঠনৰে দৃষ্টিভংগী পৃথক পৃথক৷ কর্মপন্থাও পৃথক৷ গতিকে ভৱিষ্যতে যেতিয়া ৰাজনৈতিক কথা–বতৰা আগবাঢ়িব, তেতিয়া এই কথাবোৰ চিন্তা কৰা হ’ব৷ আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিৰ লগত আলোচনা প্রসংগত তেওঁ কয়– ‘আমি আন্দোলন একেলগে কৰা নাছিলোঁ৷ আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজে নিজৰ কর্মপন্থাৰে আন্দোলন কৰিছিল আৰু তেওঁলোকে নিজৰ ধৰণেৰে সুকীয়াকৈ আন্দোলন কৰিছিল৷

ৰাজনৈতিক দল সন্দর্ভত সকলোৰে লগত পাছৰ পর্যায়ত সুকীয়াকৈ আলোচনা হ’ব৷ কিয়নো আছুৰ লগত যি ৩০ জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোকৰো বহুতৰে নিজৰ ৰাজনৈতিক শক্তি আছে৷ গতিকে আহ্বায়কসকলে বিষয়বোৰ আলোচনা কৰি আগবঢ়াই নিব৷’ সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাই কয় যে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কর্মপন্থা নির্ধাৰণৰ বাবে যোৱা ১৯ আগষ্টত অসম পৰামর্শদাতা সমিতি গঠন কৰা হৈছিল৷

সেই সমিতিয়ে শৈক্ষিক, আর্থ–সামাজিক আৰু ৰাজনৈতিক দিশত যথেষ্ট পৰামর্শ আগবঢ়াইছে৷ সমিতিখনে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰো পোষকতা কৰিছে৷ সেইমর্মে নতুন দল গঠনৰ প্রক্রিয়া খুব কম দিনৰ ভিতৰত সম্পূর্ণ কৰিবলৈ মুখ্য আহ্বায়কদ্বয়ক দায়িত্ব অর্পণ কৰা হৈছে৷ সকলো সংগঠনৰ লগত আলোচনা কৰি এটা সুস্থ আঞ্চলিক দল গঠন কৰা হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ ইফালে, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ধর্মীয় মেৰুকৰণ আৰু সাম্প্রদায়িক ৰাজনীতিৰে অসমৰ সমন্বয়ৰ ভেটি থানবান কৰাৰ চিন্তা নোহোৱা কৰিবৰ বাবে এক ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামৰ প্রয়োজন আছে৷

পৰামর্শদাতা সমিতিয়ে নিজৰ প্রতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰিছে৷ সমিতিয়ে লগতে কৈছে যে খিলঞ্জীয়া জনগোষ্ঠী, চাহ জনগোষ্ঠী–আদিবাসী, জনজাতীয়–জনজাতী শক্তি আৰু সংখ্যালঘু সম্প্রদায়ে মুকলি মনেৰে ৰাজনৈতিক সংগ্রামৰ ক্ষেত্রখনত জডিত হ’ব পৰা এটা নতুন আঞ্চলিক শক্তিৰ উত্থানৰ প্রয়োজন হৈছে৷ অসমৰ ভাষা–ধর্ম নির্বিশেষে বিভিন্ন জনগোষ্ঠীৰ সমন্বয় আৰু সহযোগ নতুন ৰাজনৈতিক দলটোৰ আধাৰ হ’ব৷ ভাৰতীয় সংবিধান আৰু ফেডাৰেল গাঁথনিৰ অধীনত গঠন হ’বলগীয়া এই নতুন আঞ্চলিক দলটোৰ মূলমন্ত্র হ’বAssam first, always and ever, অসম প্রথম, সদায় আৰু চিৰদিন৷

তেওঁ নতুন দল গঠনৰ ৰাজনৈতিক কাম–কাজ পৰিকল্পিত আৰু শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ পোষকতা কৰে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ‘কা’ আন্দোলনৰ সময়তে এটা তৃতীয় ৰাজনৈতিক বিকল্পৰ কথা আলোচনা হৈছিল৷ বর্তমান অসমত কেইবাটাও ৰাজনৈতিক শক্তিৰ জন্ম হৈছে যদিও বৃহৎ ৰাষ্ট্রীয় শক্তি আৰু বিশ্বাসঘাতক শক্তিসমূহক উৎখাত কৰিবলৈ হ’লে জাতীয়তাবাদী শক্তিসমূহ বিভাজিত হ’লে নহ’ব৷

সকলো ঐক্যবদ্ধ হ’ব লাগিব আৰু এটা প্রকৃত ৰাজনৈতিক বিকল্প গঢ়ি তুলিব লাগিব৷ ইফালে, নতুন দল গঠন প্রক্রিয়াৰ অন্যতম মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচার্যই কয় যে অসমৰ দুটা বৃহত্তম জাতীয় সংগঠনে দিয়া দায়িত্ব তেওঁলোকে গ্রহণ কৰিছে আৰু সোনকালেই এই সন্দর্ভত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ৰাজনৈতিক শক্তিৰ পোষকতা কৰি অসম পৰামর্শদাতা সমিতিয়ে কয়– ‘ৰাষ্ট্রই অসমৰ এই ভূখণ্ডক আজি এক সংঘাত আৰু লুণ্ঠনৰ আখৰা ক্ষেত্রলৈ ৰূপান্তৰিত কৰিছে৷ এনে অৱস্থাত পৰিত্রাণৰ এটাই উপায়– ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রাম৷ অসমবাসীক এনে কদর্য স্থিতিৰ পৰা স্থায়ীভাৱে উদ্ধাৰ কৰিবলৈ জাতীয়তাবাদৰ আদর্শত আপোচহীন আঞ্চলিক ৰাজনৈতিক আন্দোলনৰ প্রয়োজন হৈছে৷ সমান্তৰালভাৱে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামক গুৰুত্ব দিয়াৰ প্রয়োজন হৈছে৷’

You might also like