অসমআঞ্চলিক জকাইচুক পথাৰত গঁড়ৰ মুক্ত বিচৰণ : প্ৰচণ্ড খুন্দাত আহত এজন By নিয়মীয়া বাৰ্তা On Dec 11, 2025 Share নিয়মীয়া বাৰ্তা, ভগামুখ, ১১ ডিচেম্বৰ : আজি পুৱা খনামুখ অঞ্চলৰ জকাইচুক পথাৰৰ দীঘলীজান অঞ্চলত এটা গঁড়ে মুক্ত বিচৰণ কৰাৰ লগতে ধাননি পথাৰত এজন ব্যক্তিক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে । জানিব পৰা মতে, খনামুখ ভিতৰুৱাল গাঁৱৰ যুৱক দীপাংকৰ কোঁৱৰে পথাৰত কাম কৰিবলৈ যোৱা সময়তে গঁড়টোক দেখি চিঞৰ-বাখৰ কৰি খেদিবলৈ যোৱাত গঁড়টোৱে চোঁচা লৈ যুৱকজনক খুন্দিয়াই মাটিত বগৰাই পেলোৱাত গুৰুতৰভাৱে আহত হয় । পিছত তেওঁক চিকিৎসালয়লৈ নিয়া হয়। সম্প্ৰতি গঁড়টোৱে মিটং নদীৰ কাষৰীয়া কলমৌ অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি আছে । ইতিমধ্যে বন বিভাগৰ লোকক স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে । Featured Share