নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিশোধ কেৱল সময়ৰ অপেক্ষা… ট্ৰাম্প দুহিতাক লক্ষ্যৰে ভয়ংকৰ পৰিকল্পনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভানকা ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগে চাঞ্চল্য সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, ইৰানৰ ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ডছ কৰ্পছ (IRGC)-ৰ প্ৰশিক্ষিত এজন কমাণ্ডাৰে ইভানকা ট্ৰাম্পক লক্ষ্য কৰি পৰিকল্পনা কৰিছিল।

‘নিউয়ৰ্ক পোষ্ট’-ৰ প্ৰতিবেদন অনুসৰি, আইআৰজিচিৰ জড়িত সন্দেহভাজন আতংকবাদী মহম্মদ বাকার সাদ দাউদ আল-ছাদীয়ে ইভানকা ট্ৰাম্পক হত্যা কৰাৰ শপত লৈছিল। লগতে তেওঁৰ হাতত ইভানকা ট্ৰাম্পৰ ফ্লৰিডাস্থিত বাসগৃহৰ নক্সাও আছিল বুলি দাবী কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে ইৰাকৰ নাগৰিক আল-ছাদীয়ে ইৰানৰ সামৰিক কমাণ্ডাৰ কুৱাছেম ছোলেইমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ট্ৰাম্প পৰিয়ালক লক্ষ্য কৰি লৈছিল। উল্লেখ্য যে ছয় বছৰ পূৰ্বে বাগদাদত আমেৰিকাৰ আক্ৰমণত ছোলেইমানী নিহত হৈছিল। আল-ছাদীয়ে ছুলেমানীক নিজৰ ‘গুৰু’ বুলি মানি চলিছিল বুলিও জানিব পৰা গৈছে।

ৱাশ্বিংটনস্থিত ইৰাক দূতাবাসৰ প্ৰাক্তন উপ-সামৰিক এটাচে ইন্তিফাধ কানবাৰে সংবাদ মাধ্যমক জনোৱা মতে, ছুলেমানীৰ মৃত্যুৰ পিছত আল-ছাদীয়ে কৈছিল— “ইভানকক হত্যা কৰিব লাগিব, যাতে ট্ৰাম্পৰ ঘৰটোও সেইদৰে জ্বলাই দিব পাৰি, যেনেকৈ তেওঁলোকে আমাৰ ঘৰ জ্বলাইছিল।”

প্ৰতিবেদনত এই দাবীও কৰা হৈছে যে গ্ৰেপ্তাৰ হোৱা সন্দেহভাজন আতংকবাদীয়ে ছ’চিয়েল মিডিয়াত ইভানকা ট্ৰাম্পৰ ফ্লৰিডাস্থিত বাসগৃহৰ নক্সা পোষ্ট কৰিছিল। সেই ছবিৰ সৈতে এটা ভাবুকিমূলক বাৰ্তাও দিয়া হৈছিল, য’ত লিখা আছিল— “আমেৰিকানসকলক কওঁ, এই ছবি চাই বুজি লওক যে তোমালোকৰ অট্টালিকা বা ছিক্ৰেট ছাৰ্ভিচেও তোমালোকক ৰক্ষা কৰিব নোৱাৰিব। আমি বৰ্তমান নজৰদাৰী আৰু বিশ্লেষণৰ পৰ্যায়ত আছোঁ। আমাৰ প্ৰতিশোধ কেৱল সময়ৰ অপেক্ষা বুলি মই আগতেই কৈছিলোঁ।”

ডিজিটেল ডেস্ক, ২৩ মে’

You might also like