ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্ট : শাক–পাচলিৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাইছে৷ বিশেষকৈ বিলাহীৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে এইবাৰ হঠাৎ বজাৰত দামবৃদ্ধি পালে পিয়াঁজৰ৷ প্রায় এসপ্তাহৰ ব্যৱধানতে খুচুৰা বজাৰত প্রতি কিলোগ্রাম পিয়াঁজৰ দাম ১০–১৫ টকা পর্যন্ত বৃদ্ধি পাইছে৷ কিছুদিন পূর্বলৈকে ৩৫ টকাত প্রতি কিলোগ্রাম বিক্রী হোৱা পিয়াঁজ আজি বজাৰত সর্বাধিক ৫০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ অধিকাংশ বজাৰতে প্রতি কিলোগ্রাম পিয়াঁজৰ দাম ৪৫–৫০ টকালৈ বৃদ্ধি পোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, আকস্মিকভাৱে পাইকাৰী বজাৰত পিয়াঁজৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে খুচুৰা বজাৰতো ইয়াৰ দাম বৃদ্ধি পাইছে৷ এসপ্তাহ পূর্বলৈকে পাইকাৰী বজাৰত প্রতি কুইণ্টল পিয়াঁজৰ দাম আছিল ২৮৫০ টকা৷ কিন্তু শেহতীয়াকৈ প্রতি কুইণ্টল পিয়াঁজৰ দাম পাইকাৰী বজাৰত ৩৮০০ টকা পর্যন্ত বৃদ্ধি পাইছে৷ অর্থাৎ এসপ্তাহৰ ব্যৱধানত প্রতি কুইণ্টল পিয়াঁজৰ দাম ১০০০ টকা বৃদ্ধি পালে৷ যাৰ ফলত খুচুৰা ব্যৱসায়ীসকলেও পিয়াঁজৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে৷ কোনো কোনো বজাৰত প্রতি কিলোগ্রাম পিয়াঁজৰ দাম ৪৫ টকা নির্ধাৰণ কৰা হৈছে যদিও কিছুসংখ্যক ব্যৱসায়ীয়ে প্রতি কিলোগ্রাম পিয়াঁজ ৫০ টকা পর্যন্ত বিক্রী কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ বজাৰত প্রতিবিধ শাক–পাচলিৰ দাম অবাধ হাৰত বৃদ্ধি হৈছে৷ বর্তমান সময়তো ৬০ টকাৰ তলত কোনো এবিধ শাক–পাচলি উপলব্ধ নহয়৷ বিশেষকৈ বিগত এমাহ ধৰি বিলাহীৰ দাম অত্যধিক বৃদ্ধি পাইছে৷ বর্তমানেও প্রতি কিলোগ্রাম বিলাহীৰ দাম ১০০ টকাতকৈও অধিক৷ এনে সময়তে পিয়াঁজৰ দামেও হাফ চেঞ্চুৰী কোবোৱাত স্বাভাৱিকতে গ্রাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ এক কথাত ক’বলৈ গ’লে বিলাহীৰ লগতে পিয়াঁজো বজাৰৰ দামী পাচলিৰ তালিকাত অন্তর্ভুক্ত হৈছে৷