নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড কালত কাৰ্যকৰ্তাসকলৰ কৰণীয়ৰ ওপৰত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ অনলাইন বৈঠক অনুষ্ঠিত

নিয়মীয়া বাৰ্তা ১ মেঃ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ দ্বাৰা জনজাতি অঞ্চল তথা একল বিদ্যালয়ৰ কাৰ্যকৰ্তাসকলৰ মাজত কোৰোনাৰ সংক্ৰমণৰ কালচোৱাত আমাৰ কৰণীয় কি হ’ব পাৰে এই এই বিষয়ে এখন অনলাইন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পৰিচালনা কৰে সমিতিৰ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ ক্ষেত্ৰৰ সহকাৰী সম্পাদক প্ৰাণজিত পূজাৰীয়ে। বৈঠকৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ডঃ পৱন তিৱাৰীয়ে। তেখেতে কাৰ্যকৰ্তাসকলক কোবিদ ভেকচিনৰ বাবে পঞ্জীয়ন কৰাৰো পৰামৰ্শ আগবঢ়ায়। লগতে তেখেতে কাৰ্যকৰ্তাসকলক বৰ্তমান পৰিস্থিতিত কোনো ধৰণৰ দুশ্চিন্তাত নাথাকি গঠনমূলক তথা প্ৰেৰণাদায়ক খবৰ-বাতৰি আদি চোৱাৰ পৰামৰ্শ আগবঢ়ায়। তেখেত বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ পঞ্জীয়ন অভিযানৰ বিষয়েও কাৰ্যকৰ্তাসকলক অৱগত কৰে।
জনজাতি ক্ষেত্ৰৰ বৈঠকত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাৱেও কাৰ্যকৰ্তাসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। তেখেতে কাৰ্যকৰ্তাসকলক কোৰোনাৰ পৰা সাৱধান হৈ থাকিবলৈ তথা সাম্প্ৰতিক পৰিস্থিতিত নিজৰ কৰ্মপন্থাৰ পৰিৱৰ্তন কৰাৰ কথা কয়। লগতে নিজৰ ব্যক্তিত্ব বিকাশ আৰু স্বাধ্যায় কৰাৰো পৰামৰ্শ আগবঢ়ায়। তেখেতে অবিৰত কৰ্ম কৰি গৈ থাকিলে বিজয় নিশ্চিত বুলি কয়। ভাৰতবৰ্ষই অন্য দেশলৈও ভেকচিন পঠিয়াই মানৱতা তথা সম্পূৰ্ণ বিশ্বৰ মংগলৰ বাবে চিন্তা কৰা বুলি কয়।
বৈঠকত সমিতিৰ সভাপতি সদা দত্ত আৰু সম্পাদক সাঞ্চিৰাম পায়েং উপস্থিত থাকে। সদা দত্তই কোৰোনা কালত ধৈৰ্য নেহেৰুৱাবলৈ তথা চৰকাৰৰ দ্বাৰা জাৰি SOP মানি চলিবলৈ আৰু অন্যকো পালন কৰাৰ বাবে প্ৰেৰিত কৰাৰ কথা কয়। পূব তথা পশ্চিম কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ একল বিদ্যালয়ৰ কাম কাজৰ চোৱাচিতা কৰা কাৰ্যকৰ্তাসকলৰ লগতে জনজাতি শিক্ষা প্ৰমুখ মনতুইং জেমিয়ে হাফলঙৰ পৰা বৈঠকত অংশ গ্ৰহণ কৰে।
You might also like