নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুৰ বাবে ৰাছিয়াৰ প্রথমটো ভেকচিন কার্নিভেক–কোভ প্রস্তুত

ক’ভিডে জন্তুৰ বাবেও কঢ়িয়াব পাৰে বিপদ

নিয়মীয়া বাৰ্তা ১ মেঃ পশুৰ বাবে প্রথমটো ক’ভিড ভেকচিন প্রস্তুত কৰি উলিয়াইছে ৰাছিয়াই৷ প্রায় দুমাহ পূর্বে ৰাছিয়াই পশুৰ বাবে বিশ্বৰ প্রথমখন দেশ হিচাপে ক’ভিড ভেকচিনৰ ক্লিনিকেল পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি ঘোষণা কৰিছিল৷ শেহতীয়াকৈ দেশখনে এই ভেকচিনৰ প্রথমটো বেটছত ১৭ হাজাৰ ড’জ প্রস্তুত কৰি উলিয়াইছে৷ দেশখনৰ কৃষি নিয়ামক সংস্থা ৰোছেলখোজনাডজোৰে সদৰী কৰিছে এই তথ্য৷ উল্লেখনীয় যে কার্নিভেক–কোভ নামৰ এই ভেকচিনবিধ ক্লিনিকেল পৰীক্ষাত ১০০ শতাংশ ফলপ্রসূ বুলি চিহ্ণিত হৈছিল৷ কুকুৰ, মেকুৰী, শিয়াল আৰু ছাইবেৰিয়াৰ বিভিন্ন পশুৰ দেহত ইয়াৰ পৰীক্ষা চলোৱা হৈছিল৷ ৰাছিয়াৰ বিভিন্ন অঞ্চললৈ এই ভেকচিনবিধ প্রেৰণৰ সিদ্ধান্ত লোৱা হৈছে৷ লক্ষণীয়ভাৱে জার্মানী, গ্রীচ, পোলেণ্ড, অষ্ট্রিয়া, কাজাখস্তান, তাজিকিস্তান, মালয়েছিয়া, থাইলেণ্ড, দক্ষিণ কোৰিয়া, লেবানন, ইৰান আৰু আর্জেণ্টিনাৰ কেইবাটাও কোম্পানীয়ে এই ভেকচিনবিধ ক্রয় কৰিবলৈ আগ্রহ প্রকাশ কৰা বুলি মস্কো প্রশাসনে ঘোষণা কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিপূর্বে মানুহ আৰু পশুৰ মাজত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ বিষয়টোক লৈ আশংকা প্রকাশ কৰিছে৷

You might also like