নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমলিংগ সম্পর্কৰ গোচৰৰ ৰায়ৰ পূর্বে বিচাৰকৰ মনোৰোগৰ শিক্ষাগ্রহণ

নিয়মীয়া বাৰ্তা ১ মেঃ সমলিংগ সম্পর্কৰ এক গোচৰ সন্দর্ভত ৰায়দান কৰাৰ পূর্বে মাদ্রাজ উচ্চ ন্যায়ালয়ৰ এগৰাকী বিচাৰপতিয়ে মনোৰোগ বিশেষজ্ঞৰ পৰা শিক্ষা ল’বলৈ সিদ্ধান্ত লোৱা ঘটনাক লৈ ব্যাপক চর্চা চলিছে৷ ন্যায়াধীশ এম আনন্দ ভেংকটেশে উল্লেখ কৰিছে যে এই গোচৰটো সন্দর্ভত ৰায়দান কৰাৰ পূর্বে সমলিংগ বিবাহ তথা সম্পর্ক সন্দর্ভত তেওঁ জানিবলগীয়া বহু কথা আছে৷ বিশেষকৈ মনোৰোগ বিশেষজ্ঞৰ পৰা এই সন্দর্ভত শিক্ষা ল’লে অন্তৰৰ পৰা ৰায়দান কৰাৰ শক্তি লাভ কৰিব বুলি বিচাৰপতিগৰাকীয়ে উল্লেখ কৰিছে৷ গতিকে, বিদ্যা ডিনাকৰণ নামৰ এগৰাকী মনোৰোগ বিষেজ্ঞৰ সৈতে আলোচনা কৰাৰ পিছত গোচৰটোৰ বিচাৰ প্রক্রিয়াৰ ৰায়দান কৰিব বুলি ঘোষণা কৰিছে বিচাৰপতি আনন্দ ভেংকটেশে।

You might also like