নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আহোমৰ বাবে কাম কৰিছে কেৱল মুখ্যমন্ত্রী ড০ শর্মা চৰকাৰে’

🔹 ১৬ এপ্রিলৰ ভিতৰত খতিয়ান দাখিলৰ আহ্বান আহোম সভাৰ

🔹 উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ

বিশেষ বাৰ্তা, ১২ এপ্রিল : লোকসভা নির্বাচনৰ প্রচাৰ অভিযান তুংগত উঠাৰ সময়তে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ প্রসংগক লৈ প্রতিটো ৰাজনৈতিক দলৰ স্থিতি স্পষ্ট কৰাৰ দাবী তুলিলে অসম আহোম সভাই৷ নির্বাচনী ধামখুমীয়াৰ মাজতে শেহতীয়াকৈ আহোম সভাই একাংশ ৰাজনৈতিক দলৰ প্রার্থীক আহোমৰ বাবে একো নকৰা বুলি বয়কটৰ সিদ্ধান্ত লৈছিল৷ বিশেষকৈ কংগ্রেছৰ প্রার্থী গৌৰৱ গগৈ তথা বিৰোধী দলটোৱে শাসনত থকা সময়ছোৱাত আহোমৰ বাবে একো নকৰা বুলিও মুকলি অভিযোগ তুলিছিল সংগঠনটোৱে৷ ইয়াৰ মাজতে আজি এখন সংবাদ মেল সম্বোধন কৰি আহোম সভাৰ নেতৃত্বই স্পষ্ট কৰে যে উন্নয়নৰ পক্ষেহে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা, স্বায়ত্ত শাসন প্রদান কৰা, তিনিচুকীয়াত চ্যুকাফা বিশ্ববিদ্যালয়, আহোমৰ পৌৰাণিক কীর্তিচিহ্ণ সংৰক্ষণ আৰু শোভাবর্ধনৰ লগতে উন্নয়নৰ বাবে অহা ১৬ এপ্রিলৰ ভিতৰত আহোম জনগোষ্ঠীয়ে আশ্বস্ত হ’ব পৰাকৈ সকলো ৰাজনৈতিক দলে স্থিতি স্পষ্ট কৰিব লাগিব৷ সংগঠনটোৱে এইবুলিও দাবী কৰে যে আহোম জনগোষ্ঠীৰ ৰাইজৰ কিছু উন্নয়ন হৈছে যদিও আধৰুৱা কাম বহু আছে৷ সেই কামসমূহৰ উন্নয়ন কৰা দলৰ প্রার্থীকহে আহোম জনগোষ্ঠীয়ে গুৰুত্ব প্রদান কৰিব৷ ৰাজনৈতিক দলৰ প্রার্থীজন আহোম হ’লেই নহ’ব, আহোমৰ কাৰণে প্রকৃতার্থত কাম কৰা প্রার্থীকহে গুৰুত্ব দিব আহোম জনগোষ্ঠীয়ে৷ সংবাদ মেলত আহোম সভাই মন্তব্য কৰে যে আহোমৰ বাবে কেৱল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰেহে কাম কৰিছে৷ প্রফুল্ল কুমাৰ মহন্তৰ পৰা তৰুণ গগৈৰ চৰকাৰলৈ কোনেও আহোমসকলৰ উন্নয়নৰ বাবে কাম নকৰিলে৷ সেয়েহে এতিয়ালৈ ৰাজনৈতিক দলসমূহে আহোমৰ বাবে কৰা কামৰ খতিয়ান ৰাজনৈতিক দল তথা প্রার্থীসকলক দাঙি ধৰিবলৈ আজি আহোম সভাই আহ্বান জনায়৷

You might also like