নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া নগৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধকৰণ সন্দৰ্ভত সজাগতামূলক সমদল

নিয়মীয়া বাৰ্তা, ৩০ জুন: ৰঙিয়া নগৰত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাবে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে একক ব্যৱহাৰযোগ্য প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ । শেহতীয়াকৈ ৰঙিয়া নগৰত প্লাষ্টিকৰ আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী ৰোধৰ লক্ষ্যৰে প্ৰশাসনে এনে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন সাধনাৰ সহযোগত নগৰখনত সজাগতামূলক সমদল উলিওৱা হয় । মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশ ,পৌৰপতি অমৰেন্দ্ৰ লহকৰ ,উপ পৌৰপতি বিদ্যুৎ ডেকা ,কাৰ্যবাহী বিষয়া চম্পক ডেকা ,চিপিঅ’ নেহাৰ চামাদ ,কাৰ্যবাহী অভিযন্তা বসন্ত ডেকাৰ লগতে পাৰিষদ তথা বিষয়ববীয়া সকলে উক্ত সমদলত অংশগ্ৰহণ কৰে ।ইয়াৰোপৰি নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী তথা গ্ৰাহকসকলৰ মাজত সজাগতা মূলক পত্ৰ বিতৰণ কৰা হয় । উল্লেখযোগ্য যে উক্ত নিষেধাজ্ঞা অমান্য কৰা লোকক এহেজাৰ টকাৰ পৰা পাঁচ হেজাৰ টকালৈ জৰিমণা ধাৰ্য কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰিব প্ৰশাসনে । এনে এক প্ৰেক্ষাপটত নগৰখনত একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰনৰ নিৰ্দেশনা অনুসৰণ কৰাৰ বাবে ৰাইজলৈ আহ্বান জনায় মহকুমাধিপতি গৰাকীয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like