নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত তীব্রবেগী ৰে’লে মহটিয়ালে ৱাগনাৰ, নিহত ৩

নিয়মীয়া বার্তা, ২১ ছেপ্টেম্বৰঃ বকোৰ নধিয়াপাৰাত কালি এখন মাৰুতি ৱেগনাৰ গাড়ী তীব্র বেগী ৰে’লে মহটিয়াই নিয়াৰ ফলত পতি–পত্নীৰ লগতে তেওঁলোকৰ কিশোৰী সন্তানৰ থিতাতে মৃত্যু হয়৷ আনহাতে, তেওঁলোকৰ ৪ বছৰীয়া কন্যা এই ভয়ংকৰ দুর্ঘটনাত গুৰুতৰভাৱে আহত হয়৷

শিশুটি বর্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে৷ নিহত লোককেইজন হ’ল কামৰূপ জিলাৰ গৰৈমাৰী ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ আব্দুল জলিল, তেওঁৰ পত্নী ৰৌছনাৰা বেগম আৰু কন্যা আফ্রিন আকতাৰ (১২)৷

জানিব পৰা মতে, ড০ জলিলে পৰিয়ালসহ ৱেগনাৰ গাড়ীখনেৰে গুৱাহাটীৰ পৰা ভুলুকাবাৰী গাঁৱৰ গৃহলৈ গৈ থাকোঁতে বকোৰ আগছিয়া নধিয়াপাৰা ৰে’লপথ পাৰ হওঁতেই এই শোকাৱহ ঘটনাটো ঘটে৷ নধিয়াপাৰা ৰে’ললাইনৰ সুৰংগ পথটোৰে সাধাৰণতে যান–বাহন পাৰ হয় যদিও সম্প্রতি সুৰংগ পথটোত একঁকাল পানী জমা হৈ আছে৷

ইয়াৰ বাবেই ড০ জলিলে ৰে’লপথৰ ওপৰেৰে পাৰ হৈছিল৷ কিন্তু দুর্ভাগ্যবশতঃ সেই সময়তে বঙাইগাঁও অভিমুখী ৰে’লখনে তেওঁলোকৰ গাড়ীখন মহটিয়াই নিয়ে৷ তেওঁলোকৰ আনটি সন্তান জান্নাত আহমেদক (৪) ততাতৈয়াকৈ বকো প্রাথমিক স্বাস্থ্যকেন্দ্রলৈ নিয়া হয় আৰু পাছত সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্রেৰণ কৰা হয়৷ দুর্ঘটনাগ্রস্ত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হ’ল এ এছ–০১ ডি এছ–৮৩৯৮৷

You might also like