নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সিজেন প্লাণ্ট–আইচিইউ পৰিদর্শন কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা ১৯ মেঃ বৰাক উপত্যকাৰ শেহতীয়া ক’ভিড পৰিস্থিতি পর্যবেক্ষণৰ বাবে সোমবাৰে কৰিমগঞ্জত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই মঙলবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত (এছ এম চি এইচ) উপস্থিত হয় নির্মীয়মাণ অক্সিজেন প্লাণ্ট পৰিদর্শন কৰাৰ লগতে আই চি ইউ পৰিদর্শন কৰে৷

উল্লেখ্য যে বৰাক উপত্যকাৰ কাছাৰ আৰু কৰিমগঞ্জৰ শেহতীয়াকৈ বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ এনে পৰিস্থিতিত সমগ্র বৰাক উপত্যকাতে ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ এই উদ্দেশ্যে কালি কৰিমগঞ্জত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জিলাখনৰ অসামৰিক চিকিৎসালয়খনত এতিয়াও আই চি ইউ সম্পূর্ণ নোহোৱা বাবে জিলা স্বাস্থ্য বিষয়া আৰু ঠিকাদাৰ প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰাৰ হুমকি দিছিল৷ আজি শিলচৰত উপস্থিত হৈ এছ এম চি এইচ পৰিদর্শন কৰি চিকিৎসালয়খনত আন্তঃগাঁথনি বুজ লোৱাৰ লগতে কাছাৰ জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতি সম্পর্কীয় বিস্তৃত তথ্য সংগ্রহ কৰে৷ তদুপৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ৯৭ কোটি টকাৰে নির্মাণ কৰি থকা ৫০০খন বিছনাযুক্ত নতুন ব্লকটো পৰিদর্শন কৰি নির্মাণ কার্যৰ অগ্রগতিৰ বুজ লয়৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে মঙলবাৰেএছ এম চি এইচৰ সভাকক্ষত কাছাৰ জিলাৰ স্বাস্থ্য বিষয়াসকলৰ সৈতে এক বৈঠকত বহি ক’ভিড আক্রান্তৰ বাবে আই চি ইউ আৰু অক্সিজেনৰ ব্যৱস্থা থকা বিছনাৰ সংখ্যা বৃদ্ধিৰ বাবে নির্দেশ দিয়ে৷ তেওঁ ক’ভিড ৱার্ডত নতুনকৈ ৪০খন আই চি ইউ বিছনা সংযোগ কৰিবলৈ নির্দেশ দিয়াৰ লগতে পাইপৰ জৰিয়তে অক্সিজেন উপলব্ধ কৰিব পৰাকৈ ১০০খন অক্সিজেন বিছনা সংযোগ কৰাৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতলত নির্মাণ সম্পূর্ণ কৰা অক্সিজেন উৎপাদন প্রকল্পটো অতি সোনকালে কার্যকৰী হ’ব বুলি আজি কেশৱ মহন্তই এই বৈঠকৰ পিছত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

মন্ত্রীগৰাকীয়ে কয় যে চিকিৎসালয়খনত অতি সোনকালে ২০ হাজাৰ লিটাৰ তৰল অক্সিজেন মজুত ৰাখিব পৰাকৈ এটা এল এম অ’ টেংক স্থাপন কৰাৰ লগতে আন দুটা অক্সিজেন উৎপাদন প্রকল্প নির্মাণ কৰা হ’ব৷ আনহাতে, মন্ত্রীগৰাকীয়ে এই বৈঠকৰ পিছতে মন্ত্রীগৰাকীয়ে জিলাখনৰ আৰক্ষী, জনস্বাস্থ্য কাৰিকৰী আৰু লোকনির্মাণ (গৃহ) বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ জিলাখনৰ সামগ্রিক ক’ভিড পৰিস্থিতি সম্পর্কে আলোচনা কৰে৷ এই বৈঠকত কাছাৰ জিলাত ক’ভিড প্রতিৰোধৰ বাবে লোৱা কার্যব্যৱস্থাৱলী আৰু চিকিৎসাৰ আন্তঃগাঁথনিৰ দিশসমূহ পর্যলোচনা কৰে৷ মন্ত্রীগৰাকীক আজিৰ বৈঠকত সংগ দিয়ে বনমন্ত্রী পৰিমল শুক্লবৈদ্য, শিলচৰৰ সাংসদ ৰাজদীপ ৰয়, সোণাই, শিলচৰ, কাটিগড়া, উদাৰবন্দ, সমষ্টিৰ বিধায়ক ক্রমে দীপায়ন চক্রৱর্তী, কৰিমুদ্দিন বৰভূঞা, খলিলুদ্দিন মজুমদাৰ আৰু মিহিৰকান্তি সোমে৷

You might also like