নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীত জীৱিত আছে ১৬০ কোটি ঘৰচিৰিকা চৰাই

নিয়মীয়া বাৰ্তা, ১৯ মেঃ পক্ষীপ্রেমীসকলৰ বাবে এটা সুখবৰ৷ সমগ্র বিশ্বত এতিয়াও আছে ১৬০ কোটি ঘৰচিৰিকা৷ ইয়াৰ উপৰি ইউৰোপিয়ান ষ্টাৰলিংছ তথা সামুদ্রিক পক্ষী আৰু বার্ণ প্রজাতিৰ চৰাই আছে ৩০০ কোটিতকৈও অধিক৷

বিশ্বত মুঠ ৫০০০ কোটি বিভিন্ন প্রজাতিৰ পক্ষীৰ অস্তিত্ব আছে৷ অষ্ট্রেলিয়াৰ ছিডনীস্থিত নিউ ছাউথ ৱেল্ছ বিশ্ববিদ্যালয়ৰ শেহতীয়া এক অধ্যয়নত প্রকাশ পাইছে এই তথ্য৷ অৱশ্যে বেছিভাগ প্রজাতিৰ পক্ষীয়েই বর্তমান সময়ত পৃথিৱীত দুষ্প্রাপ্যত পৰিণত হৈছে৷

প্রতি ১০টা প্রজাতিৰ এটাৰ সংখ্যা হ্রাস পাইছে ৫০০০তকৈ কমলৈ৷ শেহতীয়া এই অধ্যয়নে পক্ষীকুলক ৰক্ষাৰ ক্ষেত্রত বিভিন্ন ব্যৱস্থা গ্রহণৰ পথ নিৰূপণ কৰাৰ সুযোগ দিব পৃথিৱীবাসীক৷ অধ্যয়নৰ অন্যতম গৱেষক ড০ ক’ৰী কালাঘানে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি পৃথিৱীৰ জৈৱ–বৈচিত্র্যৰ সৈতে সংগতি ৰাখি পক্ষীকুলক লৈ চলোৱা দীর্ঘদিনীয়া অধ্যয়নত এই তথ্য প্রকাশ পাইছে৷

লক্ষণীয়ভাৱে পক্ষীকুলৰ আছে পৃথিৱীত বিভিন্ন ভূমিকা৷ কিন্তু মানৱ জাতিৰ হিংস্রতাৰ বাবেই অৰণ্য ধ্বংস আৰু অন্য প্রাণীকুলৰ অস্তিত্বলৈ নামি অহা বিপর্যয়ৰ দৰে পক্ষীকুলৰ জীৱনলৈও নামি আহিছে আশংকা৷

You might also like