জোনাইত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জ’নাইবাসী ৰাইজৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়াকৈ চিয়াং-লালী নদীৰ পাৰৰ বেৰাঘাটত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ৷ তৃতীয় সংখ্যক পবা মহোৎসৱত আজি প্ৰথম কাৰ্যসূচী হিচাপে বিভিন্ন স্থানীয় দল-সংগঠন তথা ৰাইজৰ সহযোগত টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে টাৰি মাজগাঁৱৰ চিয়াং নদীৰ পাৰত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত পবা প্ৰকৃতি মহোৎসৱক মই শলাগ লৈছোঁ বুলি কৈ মিচিং স্বায়ত্তশাসিত পৰিষদে পবা প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত কৰিবলৈ ধাৰ্য কৰা ধনৰ পৰিমাণৰ ৫০ শতাংশ ধন গছপুলি ৰোপণ কাৰ্যসূচীত নিয়োগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ আহ্বান জনায়।
শতাধিকৰো অধিক গছপুলি ৰোপণ কাৰ্যসূচীত টি এম পি কে জোনাই জিলা সমিতিৰ সম্পাদক জান দলে, প্ৰকৃতিপ্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালা, জোনাই বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈৰ লগতে বহু স্থানীয় ৰাইজে ৰোপণ কৰে গছপুলি। তদুপৰি আজি দ:ঞি প:ল গাংগিঙৰ জৰিয়তে প্ৰাৰ্থনা আৰু বিভিন্ন মূল মণ্ডপকে ধৰি বিভিন্ন শিবিৰ মুকলি কৰা হ’ব।
অসম-অৰুণাচল সীমান্তৱর্তী তথা জ’নাই সদৰৰ নিকটৱৰ্তী চিয়াং-লালী নৈৰ পাৰত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে সুশোভিত বৰ্ষাৰণ্য পবা বনাঞ্চলে ইতিমধ্যে সগৌৰৱেৰে গৰকিবলৈ সক্ষম হৈছে এটা শতিকা৷ এনে সময়তে বৰ্ষাৰণ্য পবা বনাঞ্চলক কেন্দ্ৰ কৰি গ্রাম্য পৰ্যটন আৰু ইক’ টুৰিজিম গঢ়ি তোলাৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জ’নাইবাসী ৰাইজৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত কৰিব বেৰাচাপৰিৰ চিয়াং-লালী নদীৰ পাৰৰ বেৰাঘাটত৷
তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তুষেশ্বৰ মিৰি আগৰৱালা আৰু সাধাৰণ সম্পাদক নৰেশ কুম্বাঙে।
উল্লেখ্য যে পবাৰ নৈসৰ্গিক সৌন্দর্য আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, প্ৰকৃতি, সংস্কৃতি, পৰ্যটন, লোকসংস্কৃতি আৰু বনজ সম্পদৰ সমন্বয়, পবাৰ জৈৱ-বৈচিত্ৰ্য আৰু নৈসৰ্গিক সৌন্দৰ্যক বিশ্ব দৰবাৰলৈ উলিয়াই নি পবাক পৰ্যটনৰ মানচিত্ৰত স্থাপন কৰাৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত প্ৰতি বছৰে উদযাপন কৰি আহিছে পবা বৰ্ষাৰণ্য মহোৎসৱ।
নিয়মীয়া বাৰ্তা, জোনাই, ১ ফেব্ৰুৱাৰী :