ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি সদনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰি আছে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিছে এই বাজেট। এই সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছে।
বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে ঘৰুৱা উৎপাদন, স্বাস্থ্যসেৱা খণ্ড, শক্তি সুৰক্ষা আৰু দৰিদ্ৰতা নিৰাময়ৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰীয়া শাসনকালত দেশৰ অৰ্থনৈতিক অৱস্থাত স্থিতিশীলতা, বিত্তীয় অনুশাসন, নিৰন্তৰ বৃদ্ধি আৰু কম মুদ্ৰাস্ফীতি দেখা গৈছে।
বাজেট দাখিল কৰাৰ সময়ত কৰ্কট আৰু ডায়েবেটিছ ৰোগীসকলক ভাল খবৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰ্কট আৰু ডায়েবেটিছৰ ঔষধৰ দামো হ্ৰাস কৰা হ’ব । জৈৱিক ঔষধ তৈয়াৰ কৰাত গুৰুত্ব দিয়া হ’ব। লগতে ফাৰ্মা খণ্ডত ১০ হাজাৰ কোটি টকাৰ বিনিয়োগ হ’ব। ঔষধ প্ৰস্তুত কৰিবৰ বাবে এই ১০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব। ঔষধ প্ৰস্তুতৰ বাবে এই বাজেটত বায়’ ফাৰ্মা শক্তিৰ কথা ঘোষণা কৰা হৈছে।