গুৱাহাটীত দয়-কাও-ৰং আৰু জে এছ পাব্লিকেচনছৰ উদ্যোগত প্রীতি সন্মিলন
গুৱাহাটী, ১ ফেব্ৰুৱাৰী : দয়-কাও-ৰং একাডেমী আৰু জে এছ পাব্লিকেচনছৰ যৌথ উদ্যোগত ১ ফেব্ৰুৱাৰিত গুৱাহাটীৰ জ্যোতি নগৰত অৱস্থিত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ কাৰ্যালয়ত দিনৰ ১২ বজাৰ পৰা বিয়লি ২ বজালৈ এক প্ৰীতি সন্মিলন অনুষ্ঠিত হয়।
এই প্রীতি সন্মিলনতে দয়-কাও-ৰং একাডেমী আৰু জে এছ পাব্লিকেচনছৰ উদ্যোগত প্রয়াত সোমনাথ হাজৰিকাৰ স্মৃতিত আয়োজিত শিশু-উপন্যাস প্ৰতিযোগিতাৰ স্থানপ্ৰাপকসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে অনুষ্ঠানত টুনুজ্যোতি গগৈ সম্পাদিত শিশু-গল্প সংকলন ‘খেলোঁ আহাঁ, নানা খেল’, চন্দামিতা শৰ্মাৰ শিশু উপন্যাস ‘সেউজ সপোন’ আৰু ৰুমি অধিকাৰীৰ শিশু উপন্যাস “জায়খলং’’ৰ শুভ উন্মোচন কৰে প্ৰণৱ হাজৰিকা, টুনুজ্যোতি গগৈ, প্ৰদীপ গগৈ, মৌচুমী ঘোঁৰাচোৱা, মেঘালী দত্ত ঠাকুৰীয়াই । অনুষ্ঠানটো আঁত ধৰে প্ৰণৱানু প্ৰাণটোৱে । উক্ত অনুষ্ঠানত উপস্থিত থাকে চিনুমণি দাস হাজৰিকা, অণিমা শৰ্মা, নিশা ভূঞাকে আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি।