নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰাৰ বান পৰিস্থিতিৰ বুজ ললে বনমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ বহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰা পবিতৰা অভয়াৰন্য আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে ।মন্ত্ৰী গৰাকীয়ে পুৱা পবিতৰাত উপস্থিত হয় আৰু খোজকাঢ়ি হাতী কেম্পলৈ যায় আৰু বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰধান মূখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) , ডি এফ অ’ , পবিতৰাৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে অহা বৰ্ষত পবিতৰাকে ধৰি ৰাজ্যৰ বিভিন্ন অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যান সমূহত ২২ কি, মি, দৈঘ্যৰ হাইলেণ্ড নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। অবশ্যে পানী আজিৰ পৰা কমিবলৈ আৰম্ভ কৰিছে আৰু অতি সোনকালে পবিতৰাৰ বান পৰিস্থিতি উন্নতি হ’ব বুলি আশা কৰা হৈছে।

You might also like