নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

TikTok লাভাৰৰ বাবে সুখবৰঃ টিক-টকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰক ভাৰতীয় এপ চিংগাৰী

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ দেশজুৰি জনপ্ৰিয় চীনৰ এপ টিক-টক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ পিছতে ভাৰতীয় ছ’চিয়েল এপ চিংগাৰীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে ।

ইপিনে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত টিক-টকৰ লগতে ৫৯ টা এপ নিষিদ্ধ হোৱাৰ পাছতে দেশজুৰি প্ৰতি ঘণ্টাত ২ নিযুততকৈ অধিক লোকে এপ চিংগাৰী প্ৰত্যক্ষ কৰিছে । তেনেদৰে এঘণ্টাতে প্ৰায় ১ লাখ চিংগাৰী এপ ডাউনলোড হৈছে ।

গুগল প্লে’ষ্টৰত সম্প্ৰতি শীৰ্ষ স্থানত আছে চিংগাৰী । জনপ্ৰিয় মিত্ৰ এপক অতিক্ৰম কৰি চিংগাৰীয়ে গুগল প্লে ষ্টৰত শীৰ্ষ স্থান লাভ কৰিছে ।

চিংগাৰীৰ বাবে ভাল খবৰ এয়ে যে এই এপটোত বিনিয়োগ কৰিবলৈ অনেক বিনিয়োগ কৰিবলৈ আহিছে । উদ্যোগপতি আনন্দ মহিন্দ্ৰাই চিংগাৰী ডাউনলোড কৰিবলৈ টুইটযোগে দেশবাসীক আহ্বান জনাইছে ।

You might also like