নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত ভাৰতৰে পৰাজয় অব্যাহত পাকিস্তানৰ

বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ মাত্ৰ ১৯২ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ভাৰতে ৰোহিত শৰ্মাৰ বেটিং বিক্ৰমেৰে ৭ উইকেটত জয়লাভ কৰে। অসুস্থতাৰ পিছত পুনৰ দললৈ অহা শুভমন গীলৰে অপেনিং কৰে ৰোহিতে। কম ৰানতে গীল পেভিলয়নমুখী হলেও ৰোহিত পৰাক্ৰমী ইনিংছ খেলে। ৰোহিতে ৬৩ বলত ৮৬ ৰান কৰে। ৰোহিত যোগ্য সঁহাৰি দি শ্ৰেয়াছ আয়াৰে সুন্দৰ ৫৩ ৰানৰ ইনিংছ খেলে। গীলে ১৬, কোহলিয়ে ১৬ আৰু ৰাহুলে ১৯ ৰান কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে মাত্ৰ ১৯১ ৰানতে ইনিংছ সামৰে। টছত জিকি ৰোহিত শৰ্মাই বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতৰ বলিং আক্ৰমণত নতশিৰ হৈ পৰে বাবৰ বাহিনী। ভাৰতৰ হৈ বুমৰাহে ২টা, ছিৰাজে দুটা, পাণ্ডিয়াই দুটা, ৰবীন্দ্ৰ জাদেজাই দুটা আৰু কুলদীপে দুটা উইকেট লাভ কৰে। পাকিস্তানৰ হৈ বাবৰে মাত্ৰ ৫০ ৰান কৰে। ৰিজৱানে ৪৯, ইমামে ৩৬ ৰানহে কৰে। ইফালে চলিত বিশ্বকাপত ভাৰতৰ এয়া ক্ৰমাগত তৃতীয় জয়। প্ৰথমখন খেলত শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিচত আফগানিস্তানক পৰাস্ত কৰিছিল ভাৰতে। আজি পাকিস্তানকো ধৰাশায়ী কৰে টীম ইণ্ডিয়াই। উল্লেখ্য যে আজিৰ মেচসহ বিশ্বকাপত ৮খন মেচত ভাৰতে জয় লাভ কৰাৰ বিপৰীতে পাকিস্তানে আজিলৈ বিশ্বকাপৰ মেচত ভাৰতক পৰাস্ত কৰিব পৰা নাই।

#বাৰ্তা ডিজিটেল ডেস্ক

You might also like