নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থজিৎ বৰুৱালৈ শ্রেষ্ঠ পৰিচালকৰ সন্মান

নিয়মীয়া বাৰ্তা ১ মেঃ শুকুৰবাৰে দিল্লীত ঘোষণা কৰা একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্র মহোৎসৱত নগাঁৱৰ বিশিষ্ট তথ্যচিত্র তথা চুটিছবি পৰিচালক পার্থজিৎ বৰুবাই তেওঁৰ তথ্যচিত্র ‘ ব্রেকিং দ্য ছাইলেঞ্চ’ৰ বাবে তথ্যচিত্র শিতানত শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

উল্লেখ্য যে এই তথ্যচিত্রখনৰ দৈর্ঘ্য হৈছে ৩০ মিনিট৷ তথ্যচিত্রখন নগাঁৱৰ ৫গৰাকী মহিলাই গঠন কৰা সুৰ সমলয় নামৰ সংগীত দলৰ ওপৰত নির্মাণ কৰা হৈছে৷ তথ্যচিত্রখনৰ সম্পাদনা হীৰকজ্যোতি পাঠকৰ, কেমেৰা চন্দ্র কুমাৰ দাসৰ আৰু ছাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ৷

উল্লেখ্য যে ১৯৭৯ চনতে গঠন কৰা সুৰ সমলয় নামৰ এই সংগীতৰ দলটোত থকা মহিলাসকল হৈছে– অঞ্জলি মহন্ত, নাজমা আহমেদ, কবিতা নাথ, শেৱালি লেখাৰু আৰু আৰতি মহন্ত৷ অঞ্জলি মহন্তই মেণ্ডোলিন, নাজমা আহমেদে কংগো, কবিতা নাথ আৰু শেৱালি লেখাৰুৱে গীটাৰ আৰু আৰতি লেখাৰুৱে তবলা বজাইছিল৷ ’৭০ৰ দশকতে গঠন কৰা সুৰ সমলয় নামৰ এই সংগীতৰ দলটোৰ ওপৰত নির্মাণ কৰা তথ্যচিত্রখনে এই বঁটা লাভ কৰা সম্পর্কত পার্থজিৎ বৰুৱাই কয়– খবৰটো পাই মই সুখী হৈছেছা, কিন্তু চিনাকি–চিনাকি বহু ব্যক্তিৰ এইকেইদিনত হোৱা অকাল মৃত্যুৰ বাবে মই এই সাফল্যত আনন্দিত হ’ব পৰা নাই৷ মই এই পুৰষ্কাৰটো সেই ব্যক্তিসকলৰ নামত উৎসর্গা কৰিব বিচাৰিছেছা

You might also like