নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অনিশ্চিত টি–২০ বিশ্বকাপ

নিয়মীয়া বাৰ্তা ১ মেঃ  ভাৰতত দিনকদিনে বৃদ্ধি পোৱা মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ ফলস্বৰূপে অনিশ্চিত হৈ পৰিছে টি–২০ বিশ্বকাপ৷ ভাৰতৰ মাটিত অহা অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ মেগা ইভেণ্টখনক লৈ বিচিচিআইৰ দুশ্চিন্তা দিনকদিনে বৃদ্ধি পাইছে৷ মহামাৰীৰ আতংকৰ মাজতো অতি সতর্কতাৰে ব’র্ডে আইপিএল আয়োজন কৰি আছে যদিও আইচিচি টি–২০ বিশ্বকাপ এই পৰিৱেশত আয়োজন কৰাটো ব’ডৰ বাবে সম্ভৱ নহ’ব৷ সেয়ে বিশ্বৰ ঐশ্বর্যশালী ক্রিকেট ব’ৰ্ড বিচিচিআয়ে ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপ ইউনাইটেড আৰব আমিৰশ্বাহীলৈ স্থানান্তৰ কৰাৰ চিন্তাচর্চা কৰিছে৷

ব’ৰ্ডৰ প্রবন্ধক ধীৰাজ মালহোত্রাই  বিবিচিৰ আগত এই পৰিকল্পনাৰ কথা প্রকাশ কৰে৷ ‘ক’ভিডৰ জটিল পৰিস্থিতিয়ে আমাক চিন্তাত পেলাইছে৷ টি–২০ বিশ্বকাপৰ বাবে আমি ইউএইক বিকল্প ভেন্যু হিচাপে ৰাখিছোঁ৷ ইতিমধ্যে ইউএইত ব’র্ডে সফলতাৰে ২০২০ৰ আইপিএল আয়োজন কৰিছে৷ বিশ্বকাপ তালৈ স্থানান্তৰিত হ’লেও আয়োজক হিচাপে বিচিচিআয়ে থাকিব৷’– মালহোত্রাই এইদৰে কয়৷ উল্লেখ্য যে ভাৰতৰ ক’ভিডজনিত পৰিস্থিতিত উদ্বেগ প্রকাশ কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলেও টি–২০ বিশ্বকাপৰ বাবে বিকল্প ভেন্যুৰ চিন্তাচর্চা কৰা বুলি কিছুদিন পূর্বে উল্লেখ কৰিছিল৷ আগন্তুক দুমাহৰ ভিতৰত ভাৰতৰ ক’ভিড পৰিস্থিতি সুস্থিৰ নহ’লে টি–২০ বিশ্বকাপ ইউএইলৈ স্থানান্তৰ হোৱাটো একপ্রকাৰ নিশ্চিত৷

You might also like