নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোলেণ্ডত চিনাক্তকৰণ গর্ভৱতী মহিলাৰ মামী

নিয়মীয়া বাৰ্তা ১ মেঃ পোলেণ্ডৰ এদল বিশেষজ্ঞই প্রথমবাৰলৈ চিহ্ণিত কৰিবলৈ সক্ষম হৈছে এক অন্তঃসত্ত্বা মহিলাৰ মামী৷ ইউৰোপীয় দেশখনৰ ৰাজধানী ৱাৰশ্ব’ত থকা মামী প্রকল্পত এই অন্তঃসত্ত্বা মহিলাৰ মামীটো চিহ্ণিত কৰিছে বিশেষজ্ঞ বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে বিশ্লেষণ কৰা অনুসৰি, ২০ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সময়ত তেওঁ ২৬ৰ পৰা ৩০ সপ্তাহৰ অন্তঃসত্ত্বা আছিল৷

লক্ষণীয়ভাৱে ইয়াৰ পূর্বে কোনো গর্ভৱতী মহিলাৰ মামী উদ্ধাৰ হোৱা নাছিল পৃথিৱীত৷ ইজিপ্তিয়ান এই মামী প্রায় ২০০০ বছৰ পুৰণি৷ ৱাৰশ্ব’ৰ ৰাষ্ট্রীয় সংগ্রহালয়ত স্কেন কৰাৰ পিছত মামীটো অন্তঃসত্ত্বা মহিলাৰ আছিল বুলি নিশ্চিত কৰা হৈছে৷ উল্লেখনীয় যে প্রত্নতত্ত্ববিদ মার্জেনা আজাৰেক–জিলকেই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ আৰু তেওঁৰ স্বামী ষ্টেইনছ ল’ৱে এই মামীটোৰ ওপৰত পৰীক্ষা–নিৰীক্ষা চলাইছিল বুলি ঘোষণা কৰিছে৷

ষ্টেইনছ ল’ হৈছে এগৰাকী ইজিপ্তৰ প্রত্নতত্ত্ববিদ৷ অৱশ্যে মহিলাগৰাকীৰ মৃতদেহ মামী হিচাপে ৰখাৰ সময়ত গর্ভৰ পৰা কিয় ভ্রূণটো বাহিৰ কৰি নিদিলে, সেই সন্দর্ভত বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷ কাৰণ অন্তঃসত্ত্বা মহিলাক মামী হিচাপে ৰখাৰ ব্যৱস্থাৰ কথা ইজিপ্তৰ ইতিহাসত উল্লেখ নাই৷ কিন্তু এই মামীটোৱে এতিয়া বিশ্বৰ পর্যটকসকলৰ মনত কৌতূহলৰ সৃষ্টি কৰিছে৷ এয়া এক অনন্য ঐতিহাসিক সমল বুলি দাবী কৰিছে বিশেষজ্ঞসকলে৷

You might also like