নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰচণ্ড ধুমুহা-বৰষুণৰ কবলত যাত্ৰীবাহী ফেৰী, কথমপি প্ৰাণৰক্ষা ডেৰ শতাধিক যাত্ৰীৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ এপ্ৰিল : শনিবাৰে কথমপি বৃহৎ এক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মানকাচৰৰ হাটশিঙিমাৰীৰ পৰা ধুবুৰী অভিমুখে বৰলুইতেৰে যাত্ৰা কৰা এখন লেচীচালিত যাত্ৰীবাহী ফেৰী। প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত বিপদত পৰে যাত্ৰীবাহী ফেৰীখন। পুৱা প্ৰায় ৯ বজাত হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰি থকা সময়ত যাত্ৰীবাহী ফেৰীখন ধুমুহা-বৰষুণৰ কবলত পৰে। ফলত প্ৰায় আধা ঘণ্টা সময়ৰ বাবে আতংকৰ সৃষ্টি হয় ফেৰীখনৰ থকা যাত্ৰীসকলৰ মাজত।

জানিব পৰা মতে, যাত্ৰা আৰম্ভ কৰাৰ সময়ত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সন্মুখীন হয় ফেৰীখন। কিন্তু সৌভাগ্যবশত: পাৰৰ পৰা নাতিদূৰৈত থকা বাবে ভয়ংকৰ এক বিপদৰ পৰা ৰক্ষা পৰে প্ৰায় ১৫০জন যাত্ৰী। পিছত ফেৰীখন ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সকলো যাত্ৰী। উল্লেখ্য যে ফেৰীখনত যাত্ৰী অনুপাতে লাইফ জেকেট নথকাৰো অভিযোগ উঠিছে।

স্বাভাৱিকভাৱেই এতিয়া ২০১২ বৰ্ষৰ এপ্ৰিল মাহৰে ৩০ তাৰিখে সংঘটিত শোকাৱহ মেদেৰটাৰী ফেৰী দুৰ্ঘটনাৰ পৰা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনোধৰণৰ শিক্ষা লোৱা নাই বুলি চৰ্চা হৈছে।

You might also like