নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ৰাজপথত দাওদাওকৈ জ্বলিল যাত্ৰীবাহী মেজিক

যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নগৰৰ ৰাজপথত দাওদাওকৈ জ্বলি গ’ল এখন যাত্ৰীবাহী মেজিক বাহন।

জানিব পৰা মতে, নগৰৰ যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা অৱস্থাত আছিল মেজিক বাহনখন। হঠাতে বাহনখনত জুই লাগি দাও দাওকৈ জ্বলিবলৈ আৰম্ভ কৰে।

সৌভাগ্যক্ৰমে, ঘটনাৰ সময়ত বাহনখনত কোনো যাত্ৰী উপস্থিত নাছিল, ফলত কোনো লোক হতাহত হোৱা নাই।

বাহনখন যান্ত্ৰিক বিজুতিৰ ফলত জ্বলিল নে আন কোনো কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল, সেই বিষয়ে এতিয়ালৈকে স্পষ্ট হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল

You might also like