নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কল উলংঘাঃ ধেমাজিত আদ্যশ্রাদ্ধৰ পৰা ৩০গৰাকীৰ দেহলৈ বিয়পিল ক’ৰোনা

নিয়মীয়া বাৰ্তা ৯ মেঃ ক’ভিড প্রট’কলৰ প্রতি মুকলি অৱজ্ঞাই ৰাজ্যৰ ঠায়ে ঠায়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি৷ কালি বিহপুৰীয়াত এখন বিয়াৰ পৰা গণ সংক্রমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত আজি অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হৈছে ধেমাজিৰ মাছখোৱাত৷ জিলাখনৰ মাছখোৱা দেউঘৰীয়া গাঁৱত মৃতকৰ সকামৰ পৰা ৩০জনতকৈ অধিক লোকৰ দেহলৈ সংক্রমিত হ’ল মাৰাত্মক ক’ৰোনা ভাইৰাছ৷ আক্রান্ত এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷ মৃত লোকজন সদ্যপ্রয়াত ব্যক্তিগৰাকীৰ পুত্র৷ এই ঘটনাৰ পাছতে গাঁওখনৰ এটা অংশ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্রদান কৰা ক’ভিড সম্পর্কীয় পুনৰীক্ষিত আৰু সংক্ষিপ্ত নির্দেশাৱলীৰ পৰিপ্রেক্ষিতত যোৱা ৫ মে’ৰ পৰা কার্যকৰী হোৱাকৈ ধেমাজি জিলাতো ক’ভিড–১৯ নিয়ন্ত্রণ কৰাৰ স্বার্থত কেতবোৰ নির্দেশনা প্রদান কৰা হৈছিল৷ এই নির্দেশনাসমূহ একমাত্র নাগৰিকসকলৰ সুস্বাস্থ্য আৰু ক’ভিডৰ পৰা নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখিহে প্রদান কৰা হৈছিল৷ কিন্তু এতিয়াও একাংশ ব্যক্তিয়ে এই নির্দেশনাসমূহ মানি নচলা দেখিবলৈ পোৱা গৈছে৷

ক’ভিড প্রট’কল উলংঘাৰে যোৱা ৬ মে’ত ধেমাজি জিলাৰ এখন গাঁৱৰ এঘৰত এজন সদ্যপ্রয়াত ব্যক্তিৰ আদ্যশ্রাদ্ধৰ অনুষ্ঠান আয়োজন কৰা হয়৷ প্রশাসনৰ নির্দেশনা অনুসৰি সাধাৰণতে এনে অনুষ্ঠানত সর্বাধিক ২০জন ব্যক্তিহে উপস্থিত থকাৰ অনুমতি লাভ কৰে৷ কিন্তু এনে আদেশক অমান্য কৰি গাঁওখনৰ সেই নির্দিষ্ট আদ্যশ্রাদ্ধৰ অনুষ্ঠানটোত প্রশাসনৰ অজ্ঞাতে ১০০তকৈও বেছি মানুহৰ সমাগম হোৱাৰ কথা জানিব পাৰি প্রশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বাস্থ্যকর্মীৰ এটা দল উক্ত স্থানলৈ প্রেৰণ কৰা হয়৷ স্বাস্থ্যকর্মীৰ দলটোৱে সেই মুহূর্তত মৃতকৰ ঘৰত উপস্থিত থকা ৬৮জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰোৱাত ইয়াৰে ২১জনৰ দেহত ক’ভিড–১৯ ধৰা পৰে৷ প্রশাসনৰ উদ্যোগত শ্রাদ্ধত উপস্থিত থকা আন ৩০জন ব্যক্তিকো ওচৰৰ স্বাস্থ্যকেন্দ্রসমূহত্ ৭ মে’ত ক’ভিড টেষ্ট কৰোৱা হয় ৷ এনেদৰে শ্রাদ্ধৰ লগত জডিত প্রায় ১০০জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰোৱাত ৩০জন ব্যক্তিৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা যায়৷ দুখজনকভাৱে আদ্যশ্রাদ্ধ অনুষ্ঠিত কৰা সদ্যপ্রয়াত ব্যক্তিজনৰ যুৱ পুত্র এজনো ক’ভিডত আক্রান্ত হোৱাত ডিব্রুগডস্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয়৷ পৰিয়ালটোৰ অন্যান্য প্রায়সকল সদস্যও ইতিমধ্যেই ক’ভিডত আক্রান্ত হৈছে৷

জিলা স্বাস্থ্য বিভাগে জনোৱা অনুসৰি অনাগত ৫ দিন পর্যন্ত অঞ্চলটোত ক’ভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে৷ আনহাতে, শ্রাদ্ধৰ দিনা অথবা তাৰ আগত উক্ত ঘৰলৈ আহ–যাহ কৰা আন প্রায় ৫০জন ব্যক্তিয়েও ক’ভিড টেষ্ট কৰাবৰ বাবে যোগাযোগ কৰিছে৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰা তেওঁলোকৰ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে৷ জিলাখনত এনে ঘটনা পুনৰ নহ’বৰ বাবে জিলা প্রশাসনৰ ফালৰ পৰা সকলোকে ক’ভিড সংক্রান্তীয় সকলো নীতি–নির্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে৷

You might also like