নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰকৰ উপস্থিতিত ধুবুৰীত কেশৱ সেৱা সমিতিৰ বহুমুখী প্ৰকল্প ভৱন উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাসজী কুলকাৰ্নিৰ উপস্থিতিত আজি ধুবুৰীত অসম চৰকাৰৰ আনটাইড ফাণ্ডেৰে নিৰ্মাণ কৰা কেশৱ সেৱা সমিতিৰ এটা বহুমুখী প্ৰকল্প ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাখনৰ উপায়ুক্ত অন্বামুথন এম পিয়ে। চহৰখনৰ ২নং ৱাৰ্ডত নৱনিৰ্মিত এই বহুমুখী প্ৰকল্প ভৱনৰ উদ্বোধন কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় এখন সভাও। কেশৱ সেৱা সমিতিৰ সভাপতি তথা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ দ্বীপেন অধিকাৰীৰ সভাপতিত্বত হোৱা সেই সভাখনত মুখ্য বক্তাৰূপে উল্লাসজী কূলকাৰ্নিয়ে দিয়া নিজৰ চমু ভাষণত এই বহুমুখী প্ৰকল্পৰ যোগেদি জিলাখনৰ দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা যুৱক–যুৱতীসকলে কৌশল বিকাশৰ যোগেদি স্বাৱলম্বনৰ বাট মোকলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। ভাৰত মাতা পূজন আৰু বহুমুখী প্ৰকল্প ভৱনৰ স্থানডোখৰ কেশৱ সেৱা সমিতিক দানৰূপে দিয়া প্ৰয়াত মায়াৰাণী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত আজিৰ সেই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট সমাজসেৱক তথা কেশৱ সেৱা সমিতিৰ মুখ্য উপদেষ্টা পৰিতোষ ঘোষে। সভাখনত নিজৰ ভাষণত জিলা উপায়ুক্ত অন্বামুথনে বহুমুখী প্ৰকল্পৰ এই ভৱনটো জিলাখনৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰে আৰু নিবনুৱাসকলে ৰাজমিস্ত্ৰী, পাইপ মিস্ত্ৰী, জ্বালাইকৰণ, মোবাইল মেৰামতি আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ লৈ স্বনিয়োজনৰ বাট মোকলাবলৈ সক্ষম হ’ব বুলি কয়। সভাখনত ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱেও চমু এক মনোগ্ৰাহী বক্তৱ্য ৰাখে। সভাপতিৰ ভাষণত ড৹ দ্বীপেন অধিকাৰীয়ে আজি শুভ উন্মোচন ঘটা কেশৱ সেৱা সমিতিৰ এই বহুমুখী প্ৰকল্প ভৱনটো অতি সুন্দৰ আৰু মনোগ্ৰাহীৰূপত নিৰ্মাণ কৰা বাবে বিশিষ্ট নিৰ্মাণকাৰী বি কে জৈনক অশেষ ধন্যৱাদ জ্ঞাপন কৰে। কেশৱ সেৱা সমিতিৰ কোষাধ্যক্ষ অমৰ দীপ ভাৰ্মাৰ শলাগৰ শৰাইৰ পিছত কল্যাণ মন্ত্ৰ পাঠেৰে আজিৰ সেই সভাখনৰ সামৰণি পৰে। আজিৰ এই কাৰ্য্যসূচীত ধুবুৰীৰ উন্নয়ন আয়ুক্ত কান্তা দাস, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ড৹ দেৱময় সান্ন্যাল, বিশিষ্ট সমাজকৰ্মী দিলীপ অৰ্জেল, কেশৱ সেৱা সমিতিৰ উপদেষ্টা শতদল কুণ্ডু, ভৱনটোৰ নিৰ্মাতা বি কে জৈন প্ৰমুখ্যে অইন বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে আজিৰ এই সভাখনত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জিলাখনৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথমগৰাকী প্ৰচাৰক ৯৪ বছৰীয়া পৰেশ চন্দ্ৰ দাসক বিশেষভাৱে সম্বৰ্ধিত কৰা হয়। তাৰোপৰি বহুমুখী প্ৰকল্প ভৱনৰ নিৰ্মাণৰ সৈতে জড়িত তত্বাৱধায়ক দেৱজিৎ দাশগুপ্ত, হেড ৰাজমিস্ত্ৰী সাজাহান আলী আৰু সহকাৰী ৰাজমিস্ত্ৰী সৰাৱ আলীকো কেশৱ সেৱা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like