নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেগাছাছ কাণ্ডত অসমৰ সংযোগঃ তালিকাত সমুজ্জ্বল অনুপ চেতিয়াৰ নাম

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্রযুক্তি পেগাছাছ ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই–মেইল হেকিঙক লৈ ৰাষ্ট্রীয় ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে অসমৰ দুজন চর্চিত ব্যক্তিৰ নাম এই তালিকাত থকাক লৈও সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ উল্লেখ্য যে পেগাছাছৰ ফোন টেপিং তালিকাত নাম অন্তর্ভুক্ত হৈছে সদৌ অসম ছাত্র সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ৷ পেগাছাছৰ নিৰীক্ষণত থকা সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ লগতে দিল্লীস্থিত মণিপুৰৰ এজন লেখক মালেম নিৎথোজাৰ নামো তালিকাত আছে৷

উল্লেখ্য যে পেগাছাছ ফোন টেপিং আৰু ই–মেইল হেকিঙক লৈ কংগ্রেছ দলকে ধৰি বিৰোধী দলসমূহে সৰৱ হৈ থকাৰ সময়তে ড০ সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ নাম অন্তর্ভুক্তিয়ে সমগ্র বিষয়টোক লৈ অসমতো যথেষ্ট বিতর্কৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানে প্রকাশ কৰা অনুসৰি ‘কা’বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ড০ সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ কার্যকলাপ নিৰীক্ষণত ৰখাৰ বাবেই এইদৰে ফোন টেপিং কৰা হৈছিল৷ সমান্তৰালভাৱে অসম চুক্তিৰ ৬নং দফা সন্দর্ভত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীয়ে প্রতিবেদন দিয়াৰ পিছতো ইয়াক কার্যকৰী নকৰাৰ বাবে সেই সময়ত সৰৱ হৈছিল আছুৰ মুখ্য উপদেষ্টাগৰাকী৷

ইফালে প্রাক্তন আলফা নেতা অনুপ চেতিয়াৰ ফোন ২০১৮ চনৰ পৰা টেপিং কৰা বুলি অভিযোগ উঠিছে৷ বিশেষকৈ ২০১৮ চনত তিনিচুকীয়াত হিন্দু বাংলাভাষী পাঁচজন লোকক আলফাই হত্যা কৰা ঘটনাৰ পর্যবেক্ষণ কৰিবলৈ গৈছিল অনুপ চেতিয়া৷ ‘কা’বিৰোধী আন্দোলনৰ সময়তে সংঘটিত এই ঘটনাক লৈ যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে অনুপ চেতিয়াৰ তিনিচুকীয়া ভ্রমণক লৈ গৃহ মন্ত্রালয়তো উদ্বিগ্ণতাৰ সৃষ্টি হৈছিল৷ সেই সময়ৰ পৰাই অনুপ চেতিয়াৰ ফোন টেপিং সম্ভাৱনাক উনুকিয়াইছে ৰাষ্ট্রীয় সংবাদ মাধ্যমে৷
‘পেগাছাছৰ ফোন টেপিং আন্তঃৰাষ্ট্রীয় ষড়যন্ত্র’
মুখ্যমন্ত্রী ড০ শর্মাক ৰাজহুৱাকৈ তথ্য প্রকাশৰ দাবী বিৰোধী দলপতিৰ
পেগাছাছৰ ফোন টেপিং সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আন্তঃৰাষ্ট্রীয় ষড়যন্ত্রৰ কথা কোৱাৰ পিছতেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই সেই ষড়যন্ত্রৰ আঁৰত কোন শক্তি বা বিদেশী চৰকাৰ জড়িত আছে, সেই বিষয়ে মুখ্যমন্ত্রী ড০ শর্মাক ৰাজহুৱাকৈ তথ্যসহকাৰে প্রকাশ কৰাৰ দাবী জনায়৷ তদুপৰি এই সংক্রান্তত ভাৰত চৰকাৰে দোষীক উপযুক্ত শাস্তি দিয়াৰ বৱ্যস্থা কৰিবলৈ দাবী জনায়৷ আজি এক বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে ইজৰাইলৰ প্রতিষ্ঠান এনএছ’ই প্রস্তুত কৰি উলিওৱা পেগাছাছ স্পাইৱেৰ এপ্লিকেচনে ভাৰতবর্ষত প্রায় ৩০০ ম’বাইল ফোনৰ তথ্য আহৰণৰ অভিযোগ উত্থাপিত হৈছে৷ দেশৰ প্রতিৰক্ষাৰ বাবে সন্ত্রাসবাদ নাইকিয়া কৰিবলৈ তেওঁলোকে এই তথ্যসমূহ চৰকাৰক যোগান ধৰে বুলি পেগাছাছ স্পাইৱেৰ এপ্লিকেচনৰ ৱেবছাইটত উল্লেখ আছে৷ এয়া গণতন্ত্রৰ প্রতি চূড়ান্ত ভাবুকি৷ এয়া নাগৰিকৰ সাংবিধানিক, মৌলিক অধিকাৰ উলংঘনৰ ঘটনা৷

এই ঘটনা সম্পর্কত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলত কংগ্রেছক দোষাৰোপ কৰা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি বিৰোধী দলপতি শইকীয়াই কয় যে এমনেষ্টী ইণ্টাৰনেচনেলে চলোৱা অনুসন্ধানত পোহৰলৈ অহা ভয়ংকৰ তথ্য ৱাশ্বিংটন পোষ্ট, দ্য গার্ডিয়ান আদিকে ধৰি বিশ্বৰ মুঠ ১৬টা আগশাৰীৰ সংবাদ সংস্থাই প্রচাৰ কৰিছে৷ কংগ্রেছ দল সেই অনুসন্ধানত জড়িত নাছিল৷ সেইদৰে মুখ্যমন্ত্রীয়ে এমনেষ্টী ইণ্টাৰনেচনেলৰ দৰে সংস্থাসমূহৰ কাম–কাজ ভাৰতত নিষিদ্ধ কৰিব লাগে বুলি কৰা মন্তব্যৰ প্রসংগত বিৰোধী দলপতি শইকীয়াই কয় যে নাগৰিকৰ সাংবিধানিক অধিকাৰ উলংঘা কৰা সংস্থাক নিষিদ্ধ কৰাৰ কথা নকৈ এমনেষ্টী ইণ্টাৰনেচনেলৰ দৰে সংস্থা যি বিশ্বজুৰি নাগৰিকৰ মৌলিক অধিকাৰ, মানৱ সুৰক্ষাৰ বাবে কাম কৰি আহিছে সেই সংস্থাক নিষিদ্ধ কৰাৰ কথা কোৱাটো দুর্ভাগ্যজনক৷ তদুপৰি ৱাশ্বিংটন পোষ্ট, দ্য গার্ডিয়ান আদিদে ধৰি বিশ্বৰ মুঠ ১৬টা বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থাই যদি ভুল বাতৰি সম্প্রচাৰ কৰাৰ কিবা তথ্য প্রমাণ আছে, তেতিয়াহ’লে সেই সংবাদ সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায়৷

বিবৃতিটোত বিৰোধী দলপতি শইকীয়াই আৰু কয় যে লোকসভা নির্বাচনৰ পূর্বে ২০১৭ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইজৰাইল ভ্রমণৰ পিছতে দেশত এই পেগাছাছ স্পাইৱেৰ এপ্লিকেচনৰ কাম চলিছিল৷ ২০১৭ চনৰ পৰা ২০১৯ চনলৈ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ ম’বাইলৰ তথ্য চুৰি কৰা হৈছিল৷ সেইদৰে প্রশান্ত কিশোৰ, প্রাক্তন নির্বাচনী আয়ুক্ত অশোক লাভাছা, বিজেপি মন্ত্রী অশ্বিনী বৈষ্ণৱ, প্রহ্লাদ পেটেলৰ লগতে কেইবাগৰাকী বিশিষ্ট সাংবাদিক আৰু মানৱাধিকাৰ কর্মীৰ ম’বাইল হেক কৰি ফোনকল বা ব্যক্তিগত তথ্য চৰকাৰক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে৷ তেওঁলোকৰ ম’বাইল হেক কৰি কেনেধৰণৰ সন্ত্রাসবাদৰ পৰা দেশক বচাব খুজিছিল বুলি তেওঁ প্রশ্ণ উত্থাপন কৰে৷

You might also like