নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে ১,৫৪৭ আক্রান্ত মৃত ২৫

ৰাজ্যত পজিটিভিটীৰ হাৰ ২.০৯ শতাংশ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে পুনৰ সামান্য পৰিমাণে বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে আক্রান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,৫৪৭জন আক্রান্ত হৈছে৷ এই সময়ছোৱাত মুঠ ৭৪,১১৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ১৯৩জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু নগাঁৱত আক্রান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্রম কৰিছে৷

বুধবাৰে ডিব্রুগড়ত ১৩৯জন, গোলাঘাটত ১৪৭জন, যোৰহাটত ১১৫জন, লখিমপুৰত ১০২জন আৰু নগাঁৱত ১০৮জন লোক আক্রান্ত হৈছে ক’ভিডত৷ বুধবাৰে সুস্থতাৰ হাৰ হৈছে ৯৬.০৬ শতাংশ৷ ইপিনে, আজি ক’ভিডত প্রাণ হেৰুৱাইছে ২৫জন লোকে৷ উল্লেখ্য যে বিগত কেইবাদিন ধৰি ক্রমাৎ হ্রাস পাইছিল আক্রান্তৰ হাৰ৷ কালি ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ আছিল ১.২৭ শতাংশ৷

You might also like