নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকাৰ বাণ্ডিলেৰে কপালৰ ঘাম মচিলে পাক ক্রিকেটাৰে !

🔹 বিশ্বকাপৰ পূর্বে বিতর্কত বাবৰ বাহিনী

বিশেষ বাৰ্তা, ২৩ মে’ : এজন ক্রিকেটাৰে টকাৰ বাণ্ডিলেৰে ঘাম মচি আছে আৰু দলটোৰ অধিনায়কগৰাকীয়ে ভিডিঅ’টো কৰি আছে৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত টি–২০ বিশ্বকাপৰ পূর্বে বিতর্কত সোমাই পৰিছে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান ক্রিকেট৷ টি–২০ বিশ্বকাপৰ পূর্বে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্রাক্মুহূর্তত দলটোৰ ক্রিকেটাৰৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত দেখা গৈছে হাতত বিদেশী মুদ্রাৰ বাণ্ডিল লৈ বহি আছে পাক দলটোৰ উইকেটকীপাৰ–বেটাৰ আজম খান৷ হাঁহি হাঁহি কপাল আৰু ডিঙিৰ ঘাম টকাৰ বাণ্ডিলেৰে মচি আছে আৰু সন্মুখত বহি আছে পাক দলটোৰ অধিনায়ক বাবৰ আজম৷ সমগ্র ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ফলত সমালোচিত হৈছে দুয়োগৰাকী পাক ক্রিকেটাৰ৷ কোনো কোনোৱে কয় যে পাকিস্তানী ক্রিকেটাৰসকলক শিক্ষাৰ প্রয়োজন৷ আন কিছুমানে কয় যে পাকিস্তানৰ আর্থিক অৱস্থা বেয়া৷ দেশৰ মানুহে উপযুক্ত খাদ্য পোৱা নাই৷ দেশত বিদ্যুতৰ সমস্যা৷ তাত টকাৰে ঘাম মচি দেশবাসীক হাঁহিবলৈ বাধ্য কৰাইছে৷ অৱশ্যে পাকিস্তান ক্রিকেট ব’র্ডে এই সন্দর্ভত কোনো মন্তব্য প্রকাশ কৰা নাই৷ উল্লেখ্য যে ২ জুনৰ পৰা টি–২০ বিশ্বকাপ৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনলৈ এতিয়াও দল ঘোষণা কৰা নাই পাকিস্তানে৷ ২৫ মে’ত দল ঘোষণাৰ অন্তিম দিন৷ তাৰ পূর্বে দল ঘোষণা কৰিব লাগিব পাকিস্তানে৷

You might also like